২০২৪ৰ নিৰ্বাচনৰ বাবে কুচকাৱাজ বিজেপিৰ
গুৱাহাটীঃ আজি বিয়লি ৩ বজাত লোক নিৰ্মাণ প্ৰশিক্ষন কেন্দ্ৰ দিছপুৰত কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে মহা জনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে গুৱাহাটী লোকসভা সমষ্টি ভিত্তিক বাৰ্তালাপ অনুষ্ঠানত প্ৰায় ২০০ তকৈ অধিক সক্ৰিয় সামাজিক মাধ্যমৰ কাৰ্য্যকৰ্তা সকলৰ এখনি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, জিলা সভাপতি তপন চন্দ্ৰ দাস, ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া প্ৰমুখ্যে দলৰ জেষ্ঠ নেতা সকল। উক্ত অনুষ্ঠান সাংসদ কুইন ওজাই নিজৰ ভাষনত উল্লেখ কৰি কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ লগতে
অসমৰ উন্নয়নৰ কথা প্ৰতিটো মূহুৰ্তত আলোচনা কৰে। লগতে সামাজিক মাধ্যমৰ কাৰ্য্যকৰ্তা সকলক চৰকাৰৰ কাম কাজ সমূহ ডিজিটেল মাধ্যমেৰে ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনাই। অনুষ্ঠানত উপস্থিত থাকি মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই কাৰ্য্যকৰ্তা সকলক সাংগঠনিক দিশত সামাজিক মাধ্যমত কেনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি তাৰ ওপৰত পৰামৰ্শ আগবঢ়ায়। সভাৰ অন্তিমটো কাৰ্য্যসুচী হিচাপে কাৰ্যকৰ্তাৰ মতামত শুনাৰ লগতে এনে কিছু শুভকাংশী ব্যক্তিয়ে নিজৰ মত প্ৰকাশ কৰি কয় যে তেওঁলোক দলৰ কোনো দায়িত্বত প্ৰতেক্ষভাৱে জড়িত নহয় যদিও মোদীৰ কাম কাজত মুগ্ধ হৈ ডিজিটেল মাধ্যমত প্ৰচাৰ কৰি গৌৰৱ অনুভৱ কৰে।