কামৰূপ জিলাত পথ সুৰক্ষা মাহত প্ৰচাৰ পত্ৰিকা বিতৰণ পৰিবহণ বিভাগৰ
গুৱাহাটীঃ সমগ্ৰ দেশজুৰি আৰাম্ভ হৈছে পথ সুৰক্ষা মাহ৷ তাৰেই পৰিপ্ৰেক্ষিতত কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰাও ৰূপায়ন কৰা হৈছে পথ সুৰক্ষা মাহ উপলক্ষে বিভিন্ন কাৰ্যসূচী। কালি ১৫ জানুৱাৰীত ভোগালী বিহু বা তথা মাঘৰ দোমাহিৰ দিনটোতে কামৰূপ জিলাৰ নৱনিযুক্ত পৰিবহণ বিষয়া মনোজ চৌধুৰীয়ে সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰে পথ সুৰক্ষা মাহৰ কাৰ্যসূচী সমূহত। পথ সুৰক্ষাৰ বাবে পৰিবহণ বিষয়া গৰাকীয়ে যান বাহন চালক সকলক বিতৰণ কৰে প্ৰচাৰ পত্ৰিকা। এই প্ৰচাৰ পত্ৰিকাত নাগৰিকৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত পঞ্চসূত্ৰ পৰামৰ্শ আগবঢ়াইছে পৰিবহণ বিভাগে। পঞ্চসূত্ৰ মতে অত্যধিক বেগেৰে গাড়ী নচলাব। মদ্যপান
কৰি গাড়ী নচলাব। গাড়ী চলাওতে মোবাইল ফোন ব্যৱহাৰ নকৰিব। গাড়ী চলাওতে চিটবেল্ট ব্যৱহাৰ কৰিব। লগতে দুচকীয়া বাহনৰ আৰোহীয়ে আই, এচ, আই, মোহৰ যুক্ত হেলমেট ব্যৱহাৰ কৰিব। এনেধৰণৰ কেইবাটাও পথ সুৰক্ষা সম্বন্ধীয় পৰামৰ্শ সম্বলিত প্ৰচাৰ পত্ৰিকা, পথ সুৰক্ষা সপ্তাহৰ সময়চোৱাত কামৰূপ জিলা পৰিবহন বিভাগে বিতৰণ কৰিলে চালক সকলৰ মাজত। এনেদৰে সম্পূৰ্ণ এমাহলৈ বিভিন্ন কাৰ্য্যসূচী হাতত লৈ কামৰূপ জিলা পৰিবহন বিভাগে পথ সুৰক্ষা মাহ পালন কৰিব বুলি জানিব পৰা গৈছে।