ashomiyapatrika.com

ভাৰতীয় জনতা পার্টিত যোগদান মদাহি উন্নয়ন পৰিষদৰ

0 46

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এক যোগদান অনুষ্ঠানত মদাহি উন্নয়নৰ পৰিষদৰ অধ্যক্ষ দণ্ডীৰাম মেধি, উপাধ্যক্ষ শংকৰ ৰয়, সদৌ মদাহি কছাৰী সন্মিলনীৰ সভাপতি প্রাণেশ্বৰ ডেকা, সম্পাদক জগদীশ মদাহি, সদৌ মদাহি কছাৰী মহিলা পৰিষদৰ সভানেত্ৰী অনামিকা মদাহি আৰু সম্পাদিকা মণিকা মদাহিকে ধৰি প্ৰায় চাৰি শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্রহণ কৰে। নৱাগত সকলক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই

সভাপতি কলিতাই কয়, ‘সবকা সাথ, সবকা বিকাশ, সৱকা বিশ্বাস, সবকা প্রয়াস নীতি’ৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে দেশৰ সৰ্বস্তৰৰ জনসাধাৰণক উন্নয়নৰ দিশলৈ আগুৱাই নিছে। একেদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সম বিকাশ হৈছে। বিজেপি দলৰ নীতি-আদৰ্শৰ লগতে চৰকাৰৰ কল্যাণমূলক আঁচনি তথা উন্নয়নমূলক কামকাজে অসমৰ পাহাৰ-ভৈয়ামৰ প্ৰতিটো জাতি- জনগোষ্ঠীকে আকৃষ্ট কৰিছে। সেয়ে জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলোৱে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ আন্তৰিকতাৰে গ্ৰহণ কৰিছে। মদাহি উন্নয়নৰ

পৰিষদৰ অধ্যক্ষ দণ্ডীৰাম মেধিয়ে বিজেপিত যোগদান কৰি কয়, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাৱলীল নেতৃত্বত অসমত বিকাশৰ বন্যা বৈছে। মদাহি জনসাধাৰণৰ সামগ্রিক উন্নয়নৰ স্বাৰ্থতেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা বুলি তেওঁ লগতে মত প্ৰকাশ কৰিছে। ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই আঁত ধৰা আজিৰ অনুষ্ঠানত ৰাজ্যিক উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়োৰ লগতে দলীয় কার্যকর্তা সকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.