ashomiyapatrika.com

নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ ৭৫ ঘণ্টাযোৰা অনশন আৰম্ভ

0 48

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমম্পইজ ইউনিয়নে। ইউনিয়নে বিগত সম়য়চোৱাত নতুন পেন্সন নীতি বাতিল কৰা আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে। আনহাতে এই দাবীৰ সমৰ্থনত পূৰ্বতে কৰা ঘোষণা অনুসৰি সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছৰ (এন এফ আই আৰ) আহ্বান মৰ্মে এম্পলইজ ইউনিয়নে আজিৰে পৰা আৰম্ভ কৰিছে ৭৫ ঘণ্টাযোৰা অনশনৰ কাৰ্যসূচী। ইউনিয়নৰ প্ৰচাৰ কোষৰ

অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ চৌহদৰ লগতে পাঁচটা মাণ্ডলিক কাৰ্যালয়ত অনশনৰ কাৰ্যসূচী পালন কৰা হৈছে৷ আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচীত ভাগ লৈ এন এফ আই আৰৰ যুটীয়া সাধাৰণ সম্পাদক আৰু এন এফ ৰেলৱে এমম্পইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াকে ধৰি কেবাজনো কেন্দ্ৰীয় নেতাই ভাগ লৈ যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰাখিব বুলি ঘোষণা নকৰে তেতিয়ালৈকে এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব বুলি

হুংকাৰ দিয়ে। মুনীন্দ্ৰ শইকীয়াই কয় পেন্সন লাভ কৰাটো এজন কৰ্মচাৰীৰ সাংবিধানিক অধিকাৰ। এই অধিকাৰৰ পৰা আমাক কোনোৱে বঞ্চিত কৰিব নোৱাৰে। আনহাতে এই অনশনৰ কাৰ্যসূচী অহা ১১ জানুৱাৰীৰ দিনা দুপৰীয়া ১২ বজালৈকে ধাৰাবাহিক ভাবে চলি থাকিব বুলি ইউনিয়নৰ কৰ্মকৰ্তা সকলে ঘোষণা কৰিছে৷ পৰৱৰ্তী সময়ত দৰকাৰ হলে আন আন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী পালন কৰা হয় আৰু হব বুলিও ঘোষণা কৰিছে ইউনিয়নৰ নেতৃত্বই৷

Leave A Reply

Your email address will not be published.