ashomiyapatrika.com

গুৱাহাটী প্ৰেছ ক্লাবৰ ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী পালন

0 41

জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থৰ ঘটনাৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ উচিত তদন্ত আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী

গুৱাহাটীঃ শুকুৰবাৰে নগাঁও জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ দ্বাৰা অপদস্থ হয়৷ কৰ্তব্যৰত অৱস্থাত সাংবাদিকগৰাকীৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ উচিত তদন্তৰ দাবীত লগতে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত আজি দিনৰ ১২-৩০ বজাত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ সন্মুখত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়৷ শতাধিক সাংবাদিক, সংবাদকৰ্মীয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিক নিৰ্যাতন বন্ধ কৰক, দীপাংকৰ মেধিক অপদস্থ কৰা ঘটনাৰ বিচাৰ লাগে, নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহক শাস্তি দিয়ক আদি

ধ্বনিৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখৰ ৰাজপথ উত্তাল কৰে৷ অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে ভাষণত কয় যে তিনিদিন উকলি যোৱাৰ পাছতো নগাঁৱৰ জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা নোলোৱাটো উদ্বেগজনক৷ উক্ত ঘটনাৰ উচিত তদন্তৰে দোষীক শাস্তি নিদিয়া পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব লগতে কাইলৈ আৰক্ষী সঞ্চালকপ্ৰধান আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ উচিত তদন্তৰে দোষীৰ শাস্তি বিচাৰি স্মাৰকপত্ৰ প্ৰদান কৰা হ’ব৷ এই কাৰ্যসূচীত জাৰ্নেলিষ্ট ইউনিয়ন অব আছাম, অসম বাৰ্তাজীৱী সংঘ আদি বহুকেইটা সাংবাদিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

Leave A Reply

Your email address will not be published.