ashomiyapatrika.com

গুৱাহাটীত ৰাইজৰ সূচল যাতায়াতৰ সুবিধাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমত এপ আধাৰিত বৈদ্যুতিক বাইক টেক্সী সেৱা মুকলি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

0 35

গুৱাহাটীঃ পৰিৱেশ সুৰক্ষাৰ দিশটোৰ লগতে গুৱাহাটীত ৰাইজৰ সূচল যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ অসম ৰাজ্যিক পৰিবহণ নিগমে ‘বায়ু’ নামৰ এটা এপ আধাৰিত বৈদ্যুতিক বাইক টেক্সি সেৱা এটা আৰম্ভ কৰিছে। এই সেৱা হৈছে ভাৰতৰ প্ৰথমটো এপ আধাৰিত ১০০% বৈদ্যুতিক আৰু বিকেন্দ্রীকৃত বাইক টেক্সি সেৱা। আনহাতে আজি অসম ৰাজ্যিক পৰিবহণ নিগমৰ গুৱাহাটীৰ পল্টনবজাৰস্থিত মুখ্য কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত এই নতুন সেৱা মুকলি কৰে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই উপলক্ষে নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ

হোৱা অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় – ভাৰতৰ প্ৰথম এশ শতাংশ বৈদ্যুতিক আৰু বিকেন্দ্রীকৃত বাইক টেক্সি সেৱা হিচাপে ৰাজ্যৰ এক ষ্টার্ট আপ প্রতিষ্ঠান – বিকোজি ইক’টেকৰ সহযোগত পৰিবহণ নিগমে অসমত এপ আধাৰিত বৈদ্যুতিক বাইক টেক্সি সেৱা আৰম্ভ কৰিছে । ই ৰাজ্যত শূন্য-নির্গমনযুক্ত বাইক টেক্সি আৰু ডেলিভাৰী সেৱাৰ পাতনি মেলিব। ৰাজ্যত এই সেৱাৰ অংশীদাৰী ৫০০০ চালকৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টি কৰিব। বিকোজি ইকোটেক প্রাইভেট লিমিটেডৰ সহযোগত নিগমে আৰম্ভ কৰা এই গুৰুত্বপূৰ্ণ বহনক্ষম যাতায়ত সেৱা-বায়ুক অসমৰ ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। বায়ুৱে

অর্থনৈতিক বিকাশ, উদ্যোগবৃদ্ধি আৰু পৰিৱেশ অনুকুল পদ্ধতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিব বুলি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংবাদ মেলত সদৰি কৰে। উল্লেখ্য যে দেওবাৰে ৭৫ খন বৈদ্যুতিক বাইক টেক্সি সেৱা ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰা হয়। আনহাতে অনুষ্ঠানত পৰিবহণ নিগমৰ উপ মহা প্ৰবন্ধকদ্বয় বিজু ডেকা আৰু হৰকান্ত দৈমাৰী, সহকাৰী পৰিবহণ আয়ুক্ত সিদ্ধাৰ্থ শইকীয়া, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব হিমাংশু কুমাৰ দাস, বিশেষ কৰ্তব্যৰত বিষয়া প্রতুল ডেকা, বিষয়া ক্ৰমে – কৃষ্ণকান্ত কলিতা, জে সোণোৱাল, কয়ল দত্ত, ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.