ashomiyapatrika.com

বকোৰ গামেৰীমূৰাত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ প্ৰস্তুতি

0 40

বকোঃ ভূমিপুত্ৰ থলগিৰি জনগোষ্ঠীৰ অন্যতম কোচ ৰাজবংশী সকলোৰ সৌৰ্য্য বিৰ্য্যৰ প্ৰতীক বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৪ সংখ্যক জন্মজয়ন্তী মহোৎসৱ অহা মাঘী পূৰ্ণিমাত পালন কৰা হ’ব। মহাবীৰ জনাৰ জন্ম জয়ন্তী উৎসৱ কামৰূপ জিলাৰ বকোত এই বেলি ২৪ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে। উল্লেখ্য যে বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আয়োজনৰ প্ৰস্তুতি চলিছে সংগঠনটোৰ বাৰ্ষিক অধিবেশন আৰু চিলাৰায় দিৱস। এই বৰ্ষত কোচ ৰাজবংশী জনগোষ্ঠীৰ অন্যতম গামেৰীমূৰা শাখাৰ পুৰুষ মহিলাৰ সহযোগত আয়োজন কৰা হ’ব অধিবেশনৰ কাৰ্য্যসুচী। এই উপলক্ষে আজি

গামেৰীমূৰাৰ মথুৰা নাথ পূথিভড়াল কাৰ্য্যালয় প্ৰাংগনত শাখাৰ সভাপতি বীৰেণ দাসৰ পৌৰহিত্যত অনুষ্ঠিত হয় সাধাৰণ সভা। আজি সৰ্বসন্মতিক্ৰমে কিশোৰ দাসক সভাপতি আৰু অম্বীকা দাসক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ চল্লিশ জনীয়া সদস্যৰে গঠন কৰা হৈছে চিলাৰায় দিৱস উদযাপন সমিতি খন। লগতে দহ খন উপ সমিতি গঠন কৰা হৈছে যাৰ জৰিয়তে চিলাৰায় দিৱস আৰু অধিবেশনৰ যাৱতীয় কাম কাজ পৰিচালিত কৰা হ’ব। জনগোষ্ঠীটোৰ জাতীয় সত্তাৰ সেৱাত ব্ৰতী হৈ থকা সংগঠন যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাসে অংশগ্ৰহণ কৰা সাধাৰণ সভাত

দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক বিষ্ণু ৰাম দাস, বকো আঞ্চলিক সমিতিৰ সভাপতি জোন চৌধুৰী, সম্পাদক নিপেন তালুকদাৰ, প্ৰাক্তন সম্পাদক বিপুল তালুকদাৰে সহযোগ কৰে।

Leave A Reply

Your email address will not be published.