ashomiyapatrika.com

নৱমদিনাও গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ অসম গ্ৰন্থমেলা, গুৱাহাটীঃ ৯ দিনত ৩ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

0 32

কিতাপ পঢ়াৰ অভ্যাস সৰুৰে পৰা গঢ়ি তোলা উচিতঃ ড° পাৰ্থসাৰথি মহন্ত

গুৱাহাটীঃ আজি নৱম দিনাও গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ হয় চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হয় জনস্ৰোত ৷ সন্ধিয়াৰ ভাগত লোকাৰণ্যত পৰিণত হয় গ্ৰন্থমেলাৰ বাকৰি ৷ আজি পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত কৰা “শিশুৰ দিন”ৰ প্ৰথম পৰ্বত কণ-মইনাহঁতৰ কলকলনিত আকৰ্ষণীয় হৈ পৰে গ্ৰন্থমেলা ৷ “শিশুৰ দিন” উদ্বোধন কৰে বিশিষ্ট লেখক-কবি, শীৰ্ষ আৰক্ষী বিষয়া ড° পাৰ্থসাৰথি মহন্তই ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা

সংস্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় – “গ্ৰন্থমেলাত এনেদৰে এটা দিন শিশুৰ বাবে দিয়াটো অন্ত্যন্ত আনন্দৰ কথা ৷ শিশুৰ প্ৰতিভা বিকাশৰ বাবে এনে এখন মঞ্চ দিয়াটো আতি প্ৰয়োজনীয় ৷ কাৰণ শিশু সকলেই দেশৰ ভৱিষ্যত ৷” তেওঁ অভিভাৱক আৰু শিশু-কিশোৰসকলক উদ্দেশ্যি কয় যে কিতাপ পঢ়াৰ অভ্যাস সৰুৰে পৰা গঢ়ি তোলা উচিত ৷ সৰুতে পঢ়া বিষয়বোৰ সদায় মনত ৰৈ যায় ৷ ইয়াৰ ফল ডাঙৰ হ’লে পোৱা যায় ৷ অধ্যয়নমুখীতাই শিশুসকলৰ ভৱিষ্যৎ সুন্দৰ কৰি তোলে ৷ অসম গ্ৰন্থমেলাৰ এই অনুষ্ঠানে শিশুসকলক উৎসাহ যোগাব ৷ শিশুৰ দিন উপলক্ষে আজি গ্ৰন্থমেলাত অনুষ্ঠিত হয় আকস্মিক বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা ৷

আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ “ক” শাখাত ৰাগিনী কাশ্যপে প্ৰথম, নিষাদ চয়ন ওজাই দ্বিতীয়, অনুভৱ চন্দন পৰাশৰে তৃতীয় স্থান লাভ কৰে ৷ উদগনি বঁটা লাভ কৰিছে দৰ্শিল কুমাৰ বৰুৱা, বিপাশা মহন্ত, স্নেহাশ্ৰী গোস্বামীয়ে৷ ‘খ’ শাখাত গাৰ্গী কাশ্যপে প্ৰথম, তুষাৰ কাশ্যপ ভূঞাই দ্বিতীয়, জ্যোতিৰ্ময় দাসে তৃতীয় স্থান লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে হিমজ্যোতি কুমাৰ, প্ৰজ্বলিতা বড়া, বিতোপন দাসে৷ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “ক” শাখাত ভূমণি শৰ্মাই প্ৰথম, কুশাংগী কাশ্যপে দ্বিতীয়, নিভম হালৈয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে দেৱস্মিতা চক্ৰৱৰ্তী, অভিজ্ঞম অয়ন কাশ্যপ, অথৰ্বী কাশ্যপে ৷ “খ” শাখাত ৰাগিনী কাশ্যপে প্ৰথম,

সংস্কৃতি গোঁহায়ে দ্বিতীয়, উপাসনা চক্ৰৱৰ্তীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে কৃষ্ণাঞ্জলি ডেকা, স্নেহাশ্ৰী গোস্বামী, ভায়’লিনা তালুকদাৰে ৷ “গ” শাখাত ভাৰ্গৱী কাশ্যপে প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, হিমজ্যোতি তালুকদাৰ, মঞ্জিৰা শৰ্মাই যুতীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে মুৰ্ছনা শৰ্মা, অভিনন্দা কলিতা, প্ৰজ্বলিতা বড়াই ৷ গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত ইয়াৰ বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ ইপিনে আজি বিয়লি ৩ বজাত গ্ৰন্থমেলাত অনুষ্ঠিত হয় ‘সৃষ্টিশীলতা আৰু সামাজিক মাধ্যম’ শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ বিশিষ্ট ঔপন্যাসিক, লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে এই

আলোচনা সত্ৰ সঞ্চালনা কৰি কয়—‘আমাৰ ছাত্ৰজীৱনত আজিৰ দৰে সামাজিক মাধ্যম নাছিল ৷ এতিয়া সামাজিক মাধ্যমে সকলো ক্ষেত্ৰতে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে ৷ সৃষ্টিশীল মানুহে সামাজিক মাধ্যমত সফলভাৱে সাহিত্য চৰ্চা কৰিব পৰা হৈছে ৷ মানৱ জীৱনৰ বাবে সৃষ্টিশীলতা অতি প্ৰয়োজনীয় ৷ সম্প্ৰতি সামাজিক মাধ্যমত ইয়াৰ প্ৰতিফলন ঘটিছে ৷” আলোচনা সত্ৰখনত অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, ভাষাতত্ত্ববিদ ড° ভাস্কৰজ্যোতি শৰ্মা, বিশিষ্ট অনুবাদক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া স্বপ্না দত্ত ডেকা, বিশিষ্ট গল্পকাৰ, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰণ্যক শইকীয়া, কবি, চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে ৷ তেওঁলোকে বিষয় প্ৰসংগত

গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ সামাজিক মাধ্যম সৃষ্টিশীল মানুহৰ বাবে প্ৰয়োজনীয় হৈ পৰাৰ বিষয়টো ইয়াত সুন্দৰকৈ আলোচিত হয় ৷ এই আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়ায় ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰছাত্ৰী সকলে ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° প্ৰাণজিৎ নাথে আলোচনা সত্ৰৰ উদ্বোধন কৰে৷ উল্লেখ্য যে বিদ্বৎ সমাজ , সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ ক্ৰয় কৰি বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি জানিবলৈ দিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে৷ আজি নৱম দিনালৈ ৩ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে ৷ মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা প্ৰতিযোগিতাই মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ৷

গ্ৰন্থৰ জয় যাত্ৰা অব্যাহত থাককঃ সুদীপ নাগৰকাৰঃ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰে সংগতি ৰাখি মহাৰাষ্ট্ৰৰ বিশিষ্ট লেখক সুদীপ নাগৰকাৰৰ সৈতে আয়োজন কৰা হয় ৰসাল অন্তৰংগ আলাপ ৷ তেওঁ অসম গ্ৰন্থমেলাৰ পৰিৱেশ দেখি অভিভূত হৈ পৰা বুলি কয় ৷ তেওঁ কয়— ‘গ্ৰন্থই মানুহক জীৱন উদযাপন কৰিবলৈ সাহস দিয়ে ৷ জ্ঞান চৰ্চাৰ মাজেৰে জীৱনটোক উপভোগ্য কৰি তুলিবলৈ কিতাপ বিশ্বাসযোগ্য বন্ধু ৷ অসমত এনেদৰে গ্ৰন্থৰ উৎসৱ আয়োজন কৰাটো জনসাধাৰণৰ বাবে আশাৰ বতৰা ৷ অসমত গ্ৰন্থ আন্দোলন সফল হোৱা বুলি অনুভৱ হৈছে ৷ গ্ৰন্থৰ জয় যাত্ৰা অব্যাহত থাকক৷’ তেওঁক গ্ৰন্থমেলাৰ তৰফৰ পৰা গ্ৰন্থ, ফুলাম গামোছা আৰু এৰি চাদৰেৰে আদৰণী জনোৱা হয়৷ অন্তৰংগ আলাপৰ আঁত ধৰে আৰ জে আলিয়াই৷

Leave A Reply

Your email address will not be published.