ashomiyapatrika.com

অসম জাতীয় বিদ্যালয়ত বার্ষিক খেল-ধেমালি প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

0 42

সুস্বাস্থ্য থাকিলেহে সুচিন্তাৰ উদ্রেক ঘটিবঃ ড° নিতুল গগৈ

গুৱাহাটীঃ অসম জাতীয় বিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ বার্ষিক খেল-ধেমালি আজিৰে পৰা বিদ্যালয় প্রাংগণত অনুষ্ঠিত হৈছে। এই উপলক্ষে আজি পুৱা ৯ বজাৰ পৰা আয়োজন কৰা উদ্বোধনী অনুষ্ঠান আৰু মার্চ পাষ্ট প্রতিযোগিতাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষী মহাপৰিদর্শক (প্রশাসন) ড° নিতুল গগৈ। অনুষ্ঠানত অংশগ্রহণ কৰি আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে সুস্বাস্থ্য থাকিলেহে সুচিন্তাৰ উদ্রেক ঘটিব বুলি মন্তব্য কৰি শিক্ষার্থীসকলক পঢ়া-শুনাৰ লগতে খেল-ধেমালিতো সমানে গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনায়। বর্তমানৰ প্রতিযোগিতামূলক পৰিবেশত কেবল মাথোঁ এটা পৰীক্ষাই জীৱনৰ গতি নির্ণয় কৰিব নোৱাৰে

বুলি উল্লেখ কৰি তেওঁ শিক্ষার্থীসকলক সকলো দিশতে জ্ঞান আহৰণ কৰি জীৱন বাটত আগবাঢ়ি যাবলৈ অনুৰোধ জনায়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে বিদ্যালয়ৰ পতাকা উত্তোলন কৰি আদৰণী ভাষণ আগবঢ়ায়। ইয়াৰ পিছতে ২০২২-২৩ শিক্ষাবর্ষৰ শ্রেষ্ঠ খেলুৱৈন্বয় বসুধা সঞ্জয় আৰু মানৱজ্যোতি পাঠকে শিখা প্রজ্বলন কৰি বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে। মার্চ-পাষ্ট প্রতিযোগিতাত আজি বিদ্যালয়ৰ ষষ্ঠ শ্রেণীৰ পৰা একাদশ শ্রেণীলৈ মুঠ ১১টা দলত ২৮১ গৰাকী শিক্ষার্থীয়ে অংশগ্রহণ কৰে। মুখ্য অতিথিগৰাকীয়ে প্রথমে মার্চ-পাষ্ট প্রতিযোগিতাৰ প্রতিটো দল পৰিদর্শন কৰে আৰু অভিবাদন গ্রহণ কৰে। এই প্রতিযোগিতাৰ

বিচাৰক হিচাপে উপস্থিত আছিল ৰাষ্ট্রপতি স্কাউট পদক প্রাপক পৰাগ শর্মা, ভাৰত স্কাউট-গাইডৰ ৰভাব শাখাৰ ৰাজ্যিক আয়ুক্ত, ৰাষ্ট্রপতি পদক প্ৰাপক উৎপল কুমাৰ দাস আৰু ভাৰত স্কাউট গাইডৰ বাবে ৰাজ্য পুৰস্কাৰ আৰু ৰাষ্ট্রপতি গাইড হিচাপে মনোনীত তুলিকা দাস। মার্চ-পাষ্ট প্রতিযোগিতাত প্রথম পুৰস্কাৰ লাভ কৰে বিদ্যালয়ৰ স্কাউট-গাইড দলে। দ্বিতীয় আৰু তৃতীয় পুৰস্কৰ লাভ কৰে ক্ৰমে একাদশ (কলা) আৰু সপ্তম শ্রেণীৰ ক-খ দলে। উদগনিমূলক পুৰস্কাৰ লাভ কৰে ষষ্ঠ শ্রেণীৰ গ-ঘ দলে। আনহাতে শ্রেষ্ঠ ফ্লেগ বিয়েবাৰৰ পুৰস্কাৰ লাভ কৰে স্কাউট-গাইড দলৰ ঈশান বৰুৱাই। শ্রেষ্ঠ প্লা-কার্ড বিয়েৰাৰ পুৰস্কাৰ লাভ কৰে নৱম শ্ৰেণীৰ গ-ঘ দলৰ গুঞ্জন দাসে।

আনহাতে শ্রেষ্ঠ কামাণ্ডাৰ হিচাপে বিবেচিত হয় নৱম শ্ৰেণীৰ গ-ঘ দলৰ ধ্রুবাক্ষৰ পাঠক। আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ শিক্ষক অসীম কৃষ্ণ বৰুৱা আৰু ইংৰাজী বিভাগৰ মুৰব্বী শিক্ষক বিনয় বিকাশ গগৈয়ে। আজিৰ মার্চ-পাষ্ট প্রতিযোগিতাৰ আহ্বায়কৰ দায়িত্বত আছিল বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক পলাশ কুমাৰ নাথ আৰু শাৰীৰিক শিক্ষা বিভাগৰ শিক্ষয়িত্ৰী কুসুম দিহিঙীয়া। অহা ১১ জানুৱাৰীলৈ চলিব লগীয়া এই বার্ষিক খেল-ধেমালি প্রতিযোগিতাৰ আহ্বায়কৰ দায়িত্বত আছে অসমীয়া বিভাগৰ শিক্ষক দোলন বৰা।

Leave A Reply

Your email address will not be published.