ashomiyapatrika.com

মদাহী সকল কছাৰী হ’ব নোৱাৰেঃ বাবুল চন্দ্ৰ ৰাভা

0 31

ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল ৰাভা জাতীয় পৰিষদ

বকোঃ ৰাজ্যৰ স্থায়ী জনগোষ্ঠী সমূহৰ অন্যতম মদাহী জনগোষ্ঠীটো পূৰ্বৰ পৰাই ৰাভা সকলোৰ ঠাল, ই ভিন্ন নহয়। ৰাভা জনগোষ্ঠীৰে অভিন্ন উপ জাতি। ইয়াক চৰকাৰেহে ভিন্ন কৰিব বিচাৰিছে এই ভাষ্য ৰাভা জাতীয় পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভাৰ। উল্লেখ্য যে আজি কামৰূপ জিলাৰ বকোত ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এক প্ৰেছ মেল সম্বোধন কৰি জানিব দিয়ে যে যোৱা পহিলা জানুৱাৰীত ৰাজ্য চৰকাৰৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি মদাহী সকলোক কছাৰী জনগোষ্ঠী বুলি পৃথক কৈ চৰকাৰী ভাৱে পঞ্জীয়ন কৰিব বিচাৰিছে। এই আচাৰ্য্য আৰু দূৰ্ভাগ্যজনক কাৰ্য্যক ধিক্কাৰ আৰু গৰিহণা দি এই কাৰ্য্য নকৰিবলৈ দাবী জনায় ৰাভা

জাতীয় পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু সম্পাদক গোবিন্দ ৰাভাই। অন্যথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকিয়নি দিয়ে সংগঠনটোৰ তৰফৰ পৰা সংবাদ মেলত ৰাভা জাতীয় পৰিষদৰ নেতৃবৃন্দই জানিব দিয়ে যে অতিজৰে পৰা মদাহী সকল ৰাভা জনগোষ্ঠীৰ অভিন্ন অংগ তথা ঠাল। এই কথা বুৰঞ্জী প্ৰসিদ্ধ। তৎস্বত্তেও ৰাজ্য চৰকাৰে মদাহী সকলোক কছাৰীৰ ঠাল বুলি প্ৰতিপন্ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ই ৰাভা সমাজৰ বাবে গৰ্হিত কাৰ্য্য। এই কাৰ্য্যৰ জৰিয়তে ৰাভা সমাজক অপমানিত কৰিব বিচাৰিছে। কোনো কাৰণতেই এই কাৰ্য্য সম্পন্ন হ’ৱলৈ দিয়া নহব।

এই সন্দৰ্ভত অতি শীঘ্ৰে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত আলোচনা কৰি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধ কৰি আন্দোলন গঢ়ি তোলা হ’ব বুলি জনায় প্ৰেছ বিবৃতিত। আজি বকোত সংবাদ মেল সম্বোধন সভত সহযোগ কৰে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক প্ৰদীপ ৰাভা, কান্তেশ্বৰ ৰাভা, কামৰূপ জিলা সমিতিৰ উপ সভাপতি ভোগলাল ৰাভা, সম্পাদক বুদ্ধেশ্বৰ ৰাভাকে ধৰি বহু কেইজন বিষয় ববীয়াই৷

Leave A Reply

Your email address will not be published.