বকোত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণদ্যমে চলিছে অবৈধ বাংলা ইটাভাটাঃ শিশু – শ্ৰমিক আইনকো উলংঘা বণিক গোষ্ঠীৰ
বকোঃ কামৰূপ জিলা প্ৰশাসনৰ বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণদ্যমে চলিছে অবৈধ বাংলা ইটাভাটা। প্ৰত্যক্ষ কৰা মতে তাৰাবাৰী, টুলুপাৰা, ১ নং বৰুৱা পথাৰ, ঘিলাবাৰী, পদ্মপুৰকে ধৰি বহু অঞ্চলত একাংশ অসাধু লোকে অবাধ গতিত অবৈধ ভাবে চলাই গৈছে ইটা ভাটাৰ ব্যৱসায়। এই ইটা ভাটা স্থাপন কৰাৰ বাবে দাঁতি-কাষৰীয়া লোক তথা পৰিয়ালৰ সাংঘাটিক সমস্যা সৃষ্টি হৈছে। এই লৈ ভূক্তভোগী পৰিয়ালৰ তৰফৰ পৰা বাৰাম্বাৰ অভিযোগ দিয়া হৈছে কিন্তু সংশ্লিষ্ট বিভাগৰ নিৰৱ ভূমিকাত সচেতন মহল চিন্তিত হৈ পৰিছে। ইফালে বহু স্থানত বিদ্যালয়, পৰিয়ালৰ গৃহ থকাৰ পিছতো সমীপতে অবৈধভাৱে ইটা
ভাটা গঢ়ি তুলিছে যদিও অভিযোগৰ পিছতো কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। আনহাতে অবৈধ বাংলা ইটা ভাটাৰ দূষিত ধোৱা আৰু দূৰ্ঘন্ধই পৰিবেশ বিনষ্ট কৰিছে। ইয়াৰোপৰি অধিক সংখ্যক ইটাভাটাত শ্ৰমিক হিচাপে নিয়োজিত হৈছে শিশু। এই ক্ষেত্ৰত চৰকাৰৰ শিশু শ্ৰমিক আইনকো উলঙ্ঘা কৰিছে বণিক গোষ্ঠিয়ে।তৎস্বত্তেও কাণষাৰ নাই প্ৰশাসনৰ।ভূক্তভোগীয়ে অভিযোগ কৰাৰ পিছতো প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব। আনহাতে অবৈধ ইটাভাটাৰ পৃষ্ঠপোষক সকলোৰ সবিশেষ পৰবৰ্তী পৰ্য্যায়ত প্ৰকাশ কৰা হ’ব।