তিনিদিনীয়া কাৰ্যসূচীৰে খাগ্ৰাবাৰীত ৰংজালী বৈশাগুৰ সোনালী জয়ন্তী বৰ্ষ পালনৰ প্ৰস্তুতিঃ প্ৰকাশ কৰা হ’ব স্মৃতিগ্ৰন্থ
কাজলগাঁওঃ সমাগত নৱবৰ্ষৰ ১৪, ১৫ আৰু ১৬ এপ্ৰিলত তিনিদিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰংজালী বৈশাগু (ৰঙালী বিহু)ৰ সোনালী জয়ন্তী (সনাথি মাইথায়) বৰ্ষ পালন কৰা হ’ব৷ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী খাগ্ৰাবাৰী গাঁৱৰ মাইনাও যুৱক সংঘৰ উদ্যোগত মাইনাও খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সোনালী জয়ন্তী বৰ্ষ উপলক্ষে এটি বড়ো আৰু অসমীয়া ভাষাত ‘মাইনাওশ্ৰী’ নামৰ স্মৃতিগ্ৰন্থ (বিসম্বি) প্ৰকাশ কৰি উলিওৱা হ’ব। সেই উপলক্ষে অমিয় দৈমাৰীক মুখ্য সম্পাদক, প্ৰতুগিছ গয়াৰী, সানসৌৰাং দৈমাৰী, সোমাচৰ দৈমাৰী, কলম্বাছ মুছাহাৰী, লিবিনা বসুমতাৰী, অঞ্জলী ব্ৰহ্ম, প্ৰীতি বসুমতাৰী জানমনি টায়ুং আৰু ৰিংকু
বসুমতাৰীক লৈ সম্পাদনা সমিতিখন গঠন কৰা হয়৷ অৱসৰপ্ৰাপ্ত শিক্ষক, সাহিত্যিক, সমাজকৰ্মী তথা বয়োজেষ্ঠ ব্যক্তি ৰকেন্দ্ৰ বসুমতাৰীক উপদেষ্টা হিচাপে লোৱা হয় সমিতি খনত৷ ইফালে সোনালী জয়ন্তী বৰ্ষ ৰংজালী বৈশাগু অনুষ্ঠানটি সুকলমে চলাই লৈ যোৱাৰ উদ্দেশ্যে বৈজিং দৈমাৰীক চেয়াৰমেন আৰু জাৰিব বসুমতাৰীক আহ্বায়ক হিচাপে লৈ মূল সমিতিখন গঠন কৰা হয়৷ সমিতিখনে আগন্তুক সোনালী জয়ন্তী বৰ্ষটি মহাসমাৰোহেৰে পালন কৰাৰ উদ্দেশ্যে যথেষ্ট তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷