ashomiyapatrika.com

অযোধ্যাৰ পৰা অমৃত ভাৰত আৰু বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

0 41

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যা ধাম ৰে’ল ষ্টেচনৰ পৰা দেশত নতুন শ্ৰেণীৰ চুপাৰফাষ্ট যাত্ৰীবাহী দুযোৰ ৰে’ল- অমৃত ভাৰত এক্সপ্ৰেছ আৰু ছয়খন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। ৰেলসমূহৰ এই নতুন ছেট হৈছে সমগ্ৰ দেশতে সংযোগ উন্নত কৰা আৰু ৰে’ল যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ দিশত এক পদক্ষেপ। লগতে প্ৰধানমন্ত্ৰীয়ে পুনৰ্বিকশিত অযোধ্যা ধাম ৰেল ষ্টেচন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে দেশবাসীলৈ কেইটামান দ্বৈত আৰু বৈদ্যুতিকৰণ ৰেলৱে প্ৰকল্প উৎসৰ্গা কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, আধুনিক ৰে’লপথ নিৰ্মাণৰ দিশত

দেশখনে আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। বন্দে ভাৰত আৰু নমো ভাৰতৰ পিছত আজি দেশখনে আন এখন আধুনিক ৰেল লাভ কৰিছে। এই তিনিখন ৰেলৰ ত্ৰিশক্তিয়ে ভাৰতীয় ৰেলক পুনৰুজ্জীৱিত কৰাৰ পথত আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে প্ৰথম খন অমৃত ভাৰত ৰে’ল অযোধ্যাৰ মাজেৰে অতিক্ৰম কৰাটো অধিক আনন্দদায়কৰ বাহিৰে আৰু কি হ’ব পাৰে। অমৃত ভাৰত ৰেলখন হৈছে শীততাপ নিয়ন্ত্ৰিত ৰহিত ডবাৰ সৈতে এক এলএইচবি পুছ পুল ৰেল। এই ৰেলখনত উন্নত গতিবেগৰ বাবে দুয়োটা প্ৰান্তত লোকো আছে। ই ৰেল যাত্ৰীসকলৰ বাবে অন্যান্য সা-সুবিধাৰ সহিতে উন্নত সুবিধা প্ৰদান কৰে যেনে ধুনীয়া আৰু আকৰ্ষণীয় ডিজাইন কৰা আসন,

উন্নত লাগেজ ৰেক, উপযুক্ত ম’বাইল ধাৰকৰ সৈতে ম’বাইল চাৰ্জিং পইণ্ট, এলইডি লাইট, চিচিটিভি, পাব্লিক ইনফৰমেচন চিষ্টেম আদি। দুখন নতুন অমৃত ভাৰত ৰেল হৈছে দ্বাৰভাঙ্গা-অযোধ্যা – আনন্দ বিহাৰ টাৰ্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ আৰু মালদা টাউন – এছএমভিটি বেংগালুৰু অমৃত ভাৰত এক্সপ্ৰেছ। প্ৰধানমন্ত্ৰীয়ে ছয়খন নতুন বন্দে ভাৰত ৰে’লৰো শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত আছে শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা – নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ, অমৃতসৰ – দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ, কোয়াম্বাটুৰ – বাংগালোৰ কেণ্ট বন্দে ভাৰত এক্সপ্ৰেছ, মাংগালোৰ – মাদগাঁও বন্দে ভাৰত এক্সপ্ৰেছ, জলনা – মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ আৰু অযোধ্যা – আনন্দ

বিহাৰ টাৰ্মিনেল বন্দে ভাৰত এক্সপ্ৰেছ। অযোধ্যা ধাম জংচন ৰেল ষ্টেচনৰ ১২৪০ কোটি টকাতকৈও অধিক ব্যয়েৰে বিকশিত কৰা হৈছিল। তিনিমহলীয়া আধুনিক ৰেল ষ্টেচন ভৱনটোত সকলো আধুনিক সা-সুবিধা, যেনে লিফ্ট, এস্কেলেটৰ, ফুড প্লাজা, আৱশ্যকীয় পূজা সামগ্ৰীৰ দোকান, ক্ল’ক ৰুম, চাইল্ড কেয়াৰ ৰুম, প্ৰতীক্ষা হল আদি আছে। ষ্টেচন ভৱনটো সকলোৰে বাবে উপলব্ধ হ’ব আৰু ‘আইজিবিচি প্ৰমাণিত সেউজ ষ্টেচন ভৱন’ হব। লগতে প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ২৩০০ কোটি টকাৰ তিনিটা ৰে’ল প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে ৰুমা চাকেৰী – চান্দাৰী তৃতীয় লাইন প্ৰকল্প, জৌনপুৰ –

তুলসী নগৰ, আকবৰপুৰ – অযোধ্যা, সোহাৱাল – পাত্ৰঙ্গা আৰু জৌনপুৰ-অযোধ্যা-বাৰাবাঙ্কী দ্বৈত ৰেলপথ প্ৰকল্পৰ চফদৰগঞ্জ – ৰাচাউলী খণ্ড আৰু মালহাউৰ-ডালিগঞ্জ ৰেল খণ্ডৰ দ্বৈত ৰেলপথ আৰু বৈদ্যুতিকৰণ প্ৰকল্প। এই ৰে’ল প্ৰকল্পসমূহে অযোধ্যা আৰু বাৰাণসীলৈ ভ্ৰমণ সহজ কৰি তুলিব আৰু লগতে বৃহৎ চহৰসমূহৰ সৈতে যোগাযোগ দ্ৰুত হ’ব যাৰ ফলত অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন সম্ভব হৈ উঠিব।

Leave A Reply

Your email address will not be published.