ashomiyapatrika.com

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মান কৰা দৌলগুৰি দৌল আজি পৰিত্যক্তঃ আপৰ সজাতি দলৰ পৰিদৰ্শন

0 24

ধৰ্মৰ নামত ৰাজনীতি কৰা বিজেপি চৰকাৰে বুৰঞ্জী প্ৰসিদ্ধ দৌল দেৱালয়ৰ সংৰক্ষণত ব্যৰ্থ হৈছে

গহপুৰঃ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসন কালত খামচেং দৌল বন্ধা গোঁহাই এ নিৰ্মান কৰা দৌলগুৰি দৌল আজি আম আদমি পাৰ্টী অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ নিৰ্দেশত এটি সজাতি দলে পৰিদৰ্শন কৰে৷ প্ৰত্নতত্ত্ব বিভাগৰ তত্ত্বাৱধানত থকা এই দৌল বৰ্তমান পৰিত্যক্ত অৱস্থাত৷ হাবি জংঘলে আবৰি থকা দৌলৰ চাৰিওকাষ কেইমাহ মানৰ আগতে কেইজনমান উদ্যমী যুৱকে স্বপ্ৰচেষ্টাত নিকা কৰে যদিও দৌলৰ ওপৰভাগত গছ বন গজি উঠাত বৃহৎ ক্ষয়ক্ষতি হৈছে৷ প্ৰত্নতত্ত্ব বিভাগক বহুবাৰ দৌলটিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবে অনুৰোধ জনোৱাৰ পিছতো কাণসাৰেই নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ৷ প্ৰায় ৯০ ফুট উচ্চতাৰ কৰ্দৈ শিৰিয়া শৈলীৰে নিৰ্মিত

দৌলটিৰ নামত সৰ্বমুঠ ১২৯৯ বিঘা ১৬ লোচা মাটি স্বৰ্গদেউৱে দান কৰিছিল যদিও আজি দৌলৰ নামত ১ বিঘা মাটিও নাই৷ দৌলৰ কাষতে ৩৩ বিঘাৰ এটা পুখুৰীও  আছে৷ আজি আম আদমি পাৰ্টীৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে অতিশীঘ্ৰে দৌলটিৰ মেৰামতি আৰু সংৰক্ষণ কৰিবলৈ চৰকাৰক দাবী জনাই৷ ধৰ্মৰ নামত ৰাজনীতি কৰা বিজেপি চৰকাৰে বুৰঞ্জী প্ৰসিদ্ধ দৌল দেৱালয়ৰ সংৰক্ষণত ব্যৰ্থ হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে যুটীয়া সম্পাদক গৰাকীয়ে৷

Leave A Reply

Your email address will not be published.