ashomiyapatrika.com

বকোৰ দীক্ষিতা প্ৰকাশনৰ প্ৰথম প্ৰকাশ শুভ নৱবৰ্ষৰ ২০২৪ ৰ দিনপঞ্জী ‘শিপা’ৰ আনুষ্ঠানিক উন্মোচনঃ গীত – মাত- নৃত্যৰ সমাহাৰ

0 63

বকোঃ কামৰূপ জিলাৰ বকোৰ উদ্যোমী আৰু সফল যুৱ ব্যৱসায়ী তথা বকোৰ জনপ্ৰিয় প্ৰতিষ্ঠান দীক্ষিতা চুইটছ এণ্ড বেকাৰী’ৰ স্বত্বাধিকাৰী, এসময়ৰ বিশিষ্ট সাংবাদিক জনাৰ্দ্দন বড়োৰ ব্যতিক্ৰমী চিন্তাৰ ফচলৰূপে নৱবৰ্ষৰ প্ৰাক:ক্ষণত আজি ‘দীক্ষিতা প্ৰকাশন’ৰ প্ৰথম প্ৰকাশ শুভ নৱবৰ্ষৰ – ২০২৪ ৰ দিনপঞ্জী ‘শিপা’ৰ শুভ উন্মোচন কৰা হয় ৷ এই উপলক্ষে দীক্ষিতা চুইটছ এণ্ড বেকাৰী প্ৰাংগণত অনুষ্ঠিত হয় এখনি গাম্বীৰ্য্যপূৰ্ণ উন্মোচনী সভা ৷ যুৱ কৰ্মী উৎপল ৰাভাই আত ধৰা উন্মোচনী অনুষ্ঠানটো শিশু শিল্পী দীক্ষিতা বড়োই পৰিৱেশন কৰা ভূপেন্দ্ৰ সংগীতেৰে শুভাৰম্ভ কৰা হয় ৷ উক্ত উন্মোচনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শুভ নৱবৰ্ষ – ২০২৪ ৰ

দিনপঞ্জী ‘শিপা’ৰ শুভ উন্মোচন কৰে বিশিষ্ট লেখক তথা অসম ফৰেণচিক এণ্ড চায়েঞ্চ লেৱৰেটৰীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড° পদ্মপানি মহন্তই ৷ শিপাৰ সম্পাদক তথা জ্যেষ্ঠ্য সাংবাদিক দিগন্ত কুমাৰ বৈদ্যই আদৰণী ভাষণ আগবঢ়োৱা উন্মোচনী অনুষ্ঠানটোত বিশিষ্ঠ অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট কবি, লেখক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কৌস্তভমনি শইকীয়াৰ লগতে বিশিষ্ট সাংবাদিক – লেখক – কবি – অভিনেতা দিগন্ত কুমাৰ নাথ। ইয়াৰ উপৰিও মাতৃতান্ত্ৰিক গাৰো জনগোষ্ঠীৰ কলা-কৃষ্টিৰ সৈতে অসমীয়া সংস্কৃতি তথা বিভিন্ন জাতি – জনগোষ্ঠীৰ সমন্বয় সৃষ্টিৰ লক্ষ্যৰে সাহিত্য চৰ্চা কৰি অহা উপন্যাসিক তথা

আৰবেলা ‘ উপন্যাসৰ স্ৰষ্টা সুন্দৰ চাংমা আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভা। উল্লেখ্য যে ; দীক্ষিতা চুইটছ এণ্ড বেকাৰী’ৰ স্বত্বাধিকাৰীৰ জনাৰ্দ্দন বড়োৰ সাহিত্য চৰ্চা আৰু ব্যতিক্ৰমী সামাজিক কাম কাজৰ জৰিয়তে সামাজিক আৰু বৌদ্ধিক সেৱাৰ বাবে শলাগ লয়। অনুষ্ঠানটোত দিনপঞ্জী শিপাত সন্নিৱিষ্ট বিষয়ৰ ৰচক সকলৰ ফালৰ পৰাও নৱপ্ৰজন্মৰ কেবাজনো লেখকে নিজৰ অনুভৱৰ ওপৰত বক্তব্য দাঙি ধৰে ৷ আজি আটকধুনীয়া আৰু বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰকাশ কৰি সমাজত সন্মান পাৱলৈ সক্ষম হোৱা বাৰ গৰাকী বিশিষ্ট পুৰুষ – মহিলাৰ চমু জীৱনী আৰু কৰ্মৰাজিৰ উদ্ধৃতি প্ৰকাশ কৰি চপা কৰা হয় দিনপঞ্জী

খন। আজি এক মনোজ্ঞ পৰিবেশত উন্মোচন কৰা দিনপঞ্জী খনৰ জৰিয়তে জনাৰ্দ্দন বড়োৰ সামাজিক সন্মান সোণত সুৱগা চৰায়ছে।

Leave A Reply

Your email address will not be published.