চচল শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন সম্পন্নঃ বিভিন্ন প্রতিযোগিতাৰ বিজয়ীক বঁটা প্রদান
গুৱাহাটীঃ চচল শতদল শাখা সাহিত্য সভাৰ বার্ষিক অধিৱেশন আজি চচলৰ ৰবীন্দ্র নাথ দাস সভাগৃহত অনুষ্ঠিত হয়। চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি থানেশ্বৰ মালাকাৰৰ পৌৰহিত্যত অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাত সন্মানীয় অতিথিৰূপে অংশ লৈ লেখক- সমাজকর্মী স্বপ্ননীল বৰুৱাই সভাৰ মুখপাত্র চচল দর্পণ উন্মোচন কৰে। চমু ভাষণত তেওঁ উদ্যোক্তাসকলৰ শলাগ লোৱাৰ লগতে মুখপাত্ৰখনৰ জৰিয়তে চচল শতদল শাখা সাহিত্য সভাৰ প্ৰচেষ্টাসমূহ ফুটি উঠিছে বুলি কয়। অনুষ্ঠানটোত অংশ লৈ বিশিষ্ট লেখক ড° পৰমানন্দ মজুমদাৰে সভাৰ বাৰ্তালোচনীখন উন্মোচন কৰে। সমাজৰ মাজত সৃষ্টি হোৱা বিচ্ছিন্নতাবাদী মনোভাবৰ
ক্ষেত্ৰত উদ্বিগ্নতা প্রকাশ কৰি লেখক ড° মজুমদাৰে কয় যে সাহিত্যসভা সমূহে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সময় আহি পৰিছে। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি যোৱা ২৪ ডিচেম্বৰত অনুষ্ঠিত হোৱা ‘কুঁহি’ আৰু ‘ৰামধেনু’ উপ সমিতিৰ উদ্যোগত সম্পন্ন কবিতা আবৃত্তি, সাধু কোৱা আৰু আকস্মিক বক্তৃতা প্রতিযোগিতাৰ বিজয়ী সকলকো পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়। সমাজকর্মী স্বপ্ননীল বৰুৱা আৰু লেখক ৬০ পৰমানন্দ মজুমদাৰে বঁটা সমূহ প্ৰদান কৰে। অনুষ্ঠানটো চচল শতদল শাখা সাহিত্য সভাৰ সম্পাদক ড° কমল চৌধুৰী, কুঁহি আৰু ৰামধেনু উপ সমিতিৰ আহ্বায়ক ত্রিবেনী মজুমদাৰ আৰু ডাঃ বুধিন শইকীয়া প্রমুখ্যে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।