টিহুৰ সাধনা যোগ আৰু ফিটনেচ কেন্দ্ৰত যোগ দিৱস পালন
নলবাৰীঃ টিহুৰ সাধনা যোগ আৰু ফিটনেচ কেন্দ্ৰৰ উদ্যোগত টিহুৰ জাতীয় বিদ্যালয় চৌহদত থকা কেন্দ্ৰটোত আজি নৱম আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই উপলক্ষে কেন্দ্ৰটোৰ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি হালৈ আৰু লিপিকা ডেকাই প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকলক যোগৰ বিভিন্ন কৌশল শিকাই দেহ মন সুস্থ ৰখাৰ বিষয়ে বিতংভাৱে কয়। অনুষ্ঠানটোত টিহুৰ জাতীয় বিদ্যালয়ৰ বহু সংখ্যক শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীয়েও ভাগ লয়। যোগৰ আগশাৰীৰ পাৰদৰ্শী ব্যক্তি ৰীতা গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে ভাগ লোৱা এই অনুষ্ঠানটো বিশিষ্ট শিক্ষাব্ৰতী ধৰণী ডেকাই উদ্বোধন কৰে। তদুপৰি টিহু অঞ্চলৰ আন কেইবাটাও অনুষ্ঠানেও বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস পালন কৰে।