ashomiyapatrika.com

চিলাপথাৰত উপস্হিত আধ্যাত্মিক গুৰু সতপালদেৱ মহাৰাজঃ আজিৰে পৰা বিশাল সদভাৱনা সন্মিলন

0 31

ধেমাজিঃ বিশ্ববিখ্যাত আধ্যাত্মিক আৰু সামাজিক সংস্হা ‘মানৱ উত্থান সেৱা সমিতি’ৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সৌজন্যত ২৭আৰু ২৮ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে লক্ষাধিক ৰাইজৰ উপস্হিতিত অনুষ্ঠিত হ’ব এক বিশাল সদভাৱনা সন্মিলন। এই উদ্দেশ্য আজি সন্ধ্যা সন্মিলনৰ মুখ্য অতিথি সতপালদেৱ মহাৰাজ উপস্হিত হ’ল চিলাপথাৰত। সাম্প্ৰতিক সময়ত মানৱৰ হৃদয়ত লোপ পাবলৈ ধৰা আধ্যাত্মিক চেতনা,পাৰস্পৰিক সদভাৱনা,ধাৰ্মিক সহিষ্ণুতা জাগ্ৰত কৰি সমাজত এক সুস্হ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্য ধেমাজি জিলাৰ চিলাপথাৰৰ জিপু বস্তিৰ ২নং ফুলবাৰীস্হিত কল্যাণধাম আশ্ৰম প্ৰাংগণত অনুষ্ঠিত হ’বলগা এই সদভাৱনা সন্মিলনত ভাৰতবৰ্ষৰ বিভিন্ন

ধৰ্মীয় স্হানৰ পৰা অহা সু-প্ৰসিদ্ধ ধৰ্মাচাৰ্য, বিদ্বান, সন্ত-মহাত্মা তথা আধ্যাত্মিক জগতৰ বৰ্তমান সময়ৰ সু-বিশ্যাত তত্বদৰ্শী মহাপুৰুষ, মানৱ ধৰ্মৰ প্ৰণেতা সৎগুৰুদেৱ শ্ৰীসতপালদেৱ মহাৰাজে সকলো ধৰ্মগ্ৰন্হৰ আধাৰত আত্মকল্যাণকাৰী সৎসঙ্গ প্ৰৱচন আগবঢ়াব।সন্মিলনত সকলো ৰাইজৰ উপস্হিতি আৰু সহযোগিতা কামনা কৰি মানৱ উত্থান সেৱা সমিতিৰ প্ৰেছ সচিব পংকজ কুমাৰ দাসে কয় যে ভাৰতবৰ্ষ এখন ধৰ্মপৰায়ণ দেশ। ইয়াত ব্ৰক্ষ্মা, বিষ্ণু, শিৱ, শ্ৰীকৃষ্ণ, শ্ৰী ৰামৰ দৰে ঈশ্বৰ পুৰুষ আৰ্বিভাৱ হৈ বিশ্বক মাৰ্গ দৰ্শন কৰি গৈছে।অনেক সন্ত-মহাপুৰুষ, গুৰু, সন্ত-সাধু, ঝষি-মুনিয়ে ভাৰতত জন্ম লৈ দেশ-বিদেশত আধ্যাত্মজ্ঞানৰ

প্ৰচাৰ-প্ৰসাৰ কৰি মানৱ কল্যাণৰ মাৰ্গ দৰ্শাই গৈছে।আধ্যাত্মৰ শক্তিৰ অনুসন্ধান আৰু প্ৰাপ্ত কৰিবলৈ বিদেশৰ লোক ভাৰতলৈ আহে। এটা সময়ত ভাৰতক “সোণৰ দেশ” বুলি কোৱা হৈছিল। এতিয়াও বিশ্ববাসীয়ে এই কথা লক্ষ্য কৰি থাকে যে ভাৰতে কি কয়? সংকটময় অৱস্হাৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰতৰ মাৰ্গ, উপদেশ ল’বলৈ আগ্ৰহেৰে বাট চাই থাকে।স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগোত আধ্যাত্মিক ক্ৰান্তিৰ সূচনা কৰিছিল। বিদেশৰ লোকে ভাৰতভূমিক অতি পৱিত্ৰ জ্ঞান কৰে, ইয়াত জন্ম ল’ব বিচাৰে।সেই মহান পবিত্ৰ ভূমিত আজি দুষ্ট দানৱ অসুৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ধৰ্মৰ হানি কৰিছে। আধ্যাত্মিক শক্তিয়ে এনে অপশক্তিক দমন কৰি তেওঁলোকক

কল্যাণকাৰী মাৰ্গ দৰ্শাই হৃদয় পৰিৱৰ্তন কৰিছে। দস্যু ৰত্নাকৰ, আঙুলিমালৰ দৰে লোকক ঋষি-মুনিত পৰিৱৰ্তন কৰিছে। সেই আধ্যাত্মিক শক্তিক জাগৃত কৰাৰ আজিও আৱশ্যকতা আছে। সেই শক্তি বাহিৰত নাই আমাৰ হৃদয়তে আছে। বৰ্তমান সময়ত সদভাৱনাৰ আৱশ্যকতাক গুৰুত্ব দি পংকজ কুমাৰ দাসে কয় যে-দেশ আৰু মানৱ সমাজক ৰক্ষা কৰিবৰ বাবে সদভাৱনাৰ অতি আৱশ্যকতা আছে। সদভাৱনাৰ দ্বাৰাই সমাজত পৰস্পৰ প্ৰেম, ভাতৃত্ববোধ, একতা, শান্তি স্হাপন কৰিব পাৰি।

Leave A Reply

Your email address will not be published.