ashomiyapatrika.com

নেফটা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱৰ সফল সামৰণি

0 40

গুৱাহাটীঃ ২৪ আৰু ২৫ ডিচেম্বৰত দুদিনীয়াকৈ কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ল দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় নেফটা চুটি ছবি মহোৎসৱ। উত্তৰ-পূব চলচিত্ৰ আৰু ভিডিঅ’ কলাকুশলী সন্থা অৰ্থাৎ নেফটাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ দুদিনৰ কাৰ্যসূচীত মুঠ ৩০ খন দেশী বিদেশী চুটি ছবি প্ৰদৰ্শিত হ’ল। ২৪ ডিচেম্বৰ দেওবাৰে পুৱা ১০ বজাত জ্যোতি চিত্ৰবনত মহোৎসৱখনিৰ শুভ উদ্ধোধনৰ পিছতে দিনযোৰা কাৰ্য্যসূচীৰে ছবি প্ৰদৰ্শিত হয়। দেওবাৰে বিয়লি মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা উন্মোচন কৰে চলচ্চিত্ৰ পৰিচালক প্ৰবীণ হাজৰিকাই। দৰ্শকৰ বিপুল সমাগমেৰে প্ৰথম দিনৰ সফলতাৰ পাছত দ্বিতীয় দিনা

অৰ্থাৎ ২৫ ডিচেম্বৰত দিনযোৰা কাৰ্যসূচীৰে ছবি প্ৰদৰ্শনৰ লগতে চিনেমাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু ইয়াৰ ভৱিষ্যত শীৰ্ষক এখনি আলোচনা চক্ৰও অনুষ্ঠিত হয়। বিতোপন বৰবৰা, সঞ্জীৱ পৰাশৰ, ড° ভাৰতী ভৰালী আৰু ড° মেঘনা চৌধুৰীয়ে অংশ গ্ৰহণ কৰিব লগা আলোচনা চক্ৰখন সঞ্চালনা কৰে অপৰাজিতা পূজাৰীয়ে।বিয়লি সামৰণী অনুষ্ঠানৰ লগতে অনুষ্ঠিত হয় বিজয়ী ছবি সমূহৰ বঁটা বিতৰণী অনুষ্ঠান। উল্লেখ্য যে মালায়ালম, তামিল, হিন্দী, বেংগলী, ইংৰাজী, অসমীয়াৰ লগতে বিভিন্ন দেশী,বিদেশী চিনেমাই নেফটা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত অংশগ্ৰহণ কৰে। মহোৎসৱৰ প্ৰতিযোগিতাৰ মাজৰ পৰা হিন্দী ছবি মাল্টিৰ বাবে শ্ৰেষ্ঠ

পৰিচালকৰ বঁটা লাভ কৰে ম্ৰুনাল মেস্ট্ৰী,বাংলা ছবি কেবেজ চিনেমাৰ বাবে সব্যসাচি চক্ৰৱৰ্তী শ্ৰেষ্ঠ অভিনেতা, হিন্দী ছবি ৰ’জ গাৰ্ডেন আৰু মাল্টি ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী কংকনা চক্ৰৱৰ্তী আৰু শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে যুটীয়া ভাবে অসমীয়া ছবি হেৰুওৱা গৰু (পৰিচালক ভাস্কৰ হাজৰিকা )আৰু চন অফ চইলে (পৰিচালক আকাংক্ষা ভাগৱতী)। দুয়োটা দিনৰ অনুষ্ঠান সফলতাৰে সম্পন্ন কৰাত সহযোগিতা কৰাৰ বাবে মহোৎসৱত অংশ গ্ৰহণ কৰা আৰু বিজয়ী সকলৰ লগতে চিনেমা প্ৰেমী ৰাইজক আয়োজক সকলৰ হৈ প্ৰচাৰ সম্পাদক অনুপম হাজৰিকাই কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.