ashomiyapatrika.com

বন্দুকৰ গুলীৰে সমস্যা সমাধান কৰিব নোৱাৰিঃ ডাঃ ভবেন চৌধুৰী

0 38

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহ বিভাগে সন্দেহৰ ভিত্তিত অসমীয়া যুৱকক ভুৱা এনকাউন্টাৰ কৰা ঘটনাক তীব্ৰ গৰিহণা আম আদমি পাৰ্টীৰ

গুৱাহাটীঃ যোৱাকালি শদিয়া আৰক্ষী আৰু আছাম ৰাইফলচৰ যুটীয়া অভিযানত সন্দেহৰ ভিত্তিত চাৰিজনকৈ অসমীয়া যুৱকক এনকাউন্টাৰ কৰা ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে আম আদমি পার্টীয়ে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত দলটোৱে সন্দেহৰ ভিত্তিত আলফাৰে জড়িতৰ অভিযোগত এনেদৰে এনকাউন্টাৰ কৰাটো চূড়ান্ত অপৰাধ, এইয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ আৰু অদক্ষতাৰ পৰিচয় বুলি উল্লেখ কৰে। দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অসমীয়া যুৱকক ওপৰত ধাৰাবাহিকভাৱে এনকাউন্টাৰ কৰি এনেদৰে পংগু কৰা প্ৰৱণতা শীঘ্ৰে বন্ধ হ’ব লাগে দাবী উত্থাপন কৰে লগতে কয় যে বন্দুকৰে সমস্যাৰ সমাধান কৰিব নোৱাৰি, তাৰ পৰিৱৰ্তে আৰক্ষীয়ে যুৱককেইজনক কৰায়ত্ত কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা লোৱাৰহে প্ৰয়োজন আছিল।

Leave A Reply

Your email address will not be published.