বকোত ৰাভা হাছংৰ অৰ্থ সাহাৰ্য্যত কুমাৰ তপনৰ পাতি ৰাভা গীত দোং দোং – বুইনি – অনামিকা আৰু অ’ আঙি নাচিনি চোনা শুভ উন্মোচন
বকোঃ কামৰূপ জিলাৰ বকোৰ দৰদী কন্ঠশিল্পী কুমাৰ তপন ৰাভাৰ ৰচনা আৰু কন্ঠদান কৰা পাতি ৰাভা ভাষাৰ দোং দোং – অ আঙি নাচিনি চোন, বুইনি আৰু অনামিকা শীৰ্ষক গীত আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। আজি আবেলি পৰত এক মনোজ্ঞ পৰিবেশত বকোস্থিত পৰ্য্যটক বাংলাত কুমাৰ তপনৰ গীত চাৰিটা শুভ উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকশ্বৰ ৰাভাই। ইয়াৰে অনামিকা শীৰ্ষক গীতটি অসমীয়া আধুনিক গীত। উল্লেখ্য যে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহাৰ্য্যত কুমাৰ তপন ৰাভাৰ গীত চাৰিটা আজি আনুস্থানিক ভাৱে উন্মোচন কৰা হয়।
ইফালে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক উৎপল ৰাভাই আত ধৰা অনুস্থানত গীত চাৰিটা শুভ উন্মোচনী সভাত অংশগ্ৰহন কৰে বি জে পিৰ মুখপাত্ৰ জুৰি শৰ্মা বৰদলৈ, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যৱাহী পাৰিষদ সুমিত ৰাভা, নগৰমল স্বৰ্গীয়াৰী, সাধাৰণ পাৰিষদ অৰ্জুন চেত্ৰী, বিশিষ্ট কবি সুৰেন্দ্ৰ স্বৰ্গীয়াৰী, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি অশোক ৰাভা আৰু মহিলা পৰিষদৰ বহু সংখ্যক বিষয় ববীয়া। অনুস্থানত সকলোৱেই কুমাৰ তপন ৰাভাক আৰ্শীবাদ দিয়ে।