বকোৰ নেউলডোবাৰ মধূ সেনৰ জীৱনৰ প্ৰতি সংশয়ঃ এজাহাৰ দাখিল কৰাৰ পিছতো গ্ৰেপ্তাৰ নকৰে আচামীক
বকোঃ আৰক্ষীৰ হেমাহিৰ বাবে কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত মুকলি আকাশৰ তলত ঘুৰি ফুৰিছে আচামীয়ে। এই ক্ষেত্ৰত ভূক্তভোগী এজাহাৰকাৰীৰ জীৱনৰ প্ৰতি সংশয় আহিছে বুলি আজি সংবাদ মাধ্যমক অৱগত কৰে পাদকীয়া মধূ সেনে। আজি মধূ সেনে ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুলী দাসৰ অমনোযোগিতাৰ বাবে আচামীয়ে মুকলি আকাশৰ তলত ঘুৰি ফুৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আচামীয়ে মুকলি ভাৱে ঘুৰি ফুৰাত ভয় আৰু শংকাত ভুগিছে মধূ সেনে। ইফালে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশো কিবা ৰহস্যজনক কাৰণত জুলী দাসে অমান্য কৰি আহিছে বুলি দাবী জনায় মধূ সেনে। উল্লেখ্য যে
যোৱা ২৭ নৱেম্বৰত ছমৰীয়া আৰক্ষীৰ পহৰা চকীৰ এলেকাৰ কাহিবাৰীত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা। এক অৱাঞ্চিত পৰিবেশত নিশা সংঘটিত হৈছিল মাৰপিট।এদল আঠ জনীয়া দূৰ্বৃত্তৰ দলে জুৱা খেল খেলি থকা অৱস্থাত ফটো তোলা বুলি অভিযোগ কৰি বেয়াকৈ মাৰ ধৰ কৰে মধূ সেন নামৰ দুখীয়া লোকক। এই ক্ষেত্ৰত আঠ গৰাকী আচামীৰ নাম প্ৰকাশ কৰি এজাহাৰ দাখিল কৰে পাদকীয়াই। কিন্তু আজিলৈ ছমৰীয়া আৰক্ষীয়ে কিৱা ৰহস্য জনক কাৰণত গ্ৰেপ্তাৰ কৰা নাই আচামীক। এই লৈ ভয় আৰু শংকাত ভূগিছে ভূক্তভোগীয়ে। লগতে অতি শীঘ্ৰে আচামীক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায় আৰু ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ কৰে মধূ সেনে।