নলবাৰী জিলা সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালনঃ বাঁহ-বেতৰ লোকশিল্পী বৈকুণ্ঠ দাসক সম্বৰ্ধনা জ্ঞাপন
নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত জিলা সাহিত্য সভাৰ অন্তৰ্গত ৰাজকদমতল শাখা সাহিত্য সভাৰ আতিথ্যত, ৰাজকদমতল সন্ধা হাইস্কুল আৰু ৰাজকদমতল বালিকা বিদ্যাপীঠ হাইস্কুলৰ সহযোগত ২০ জুনত বিভিন্ন কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰ হয়। এই উপলক্ষে বিদ্যালয়খনৰ সভাঘৰত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ লীনা ডেকাৰ পৌৰোহিত্যত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মন, নিৰ্দিষ্ট বক্তা হিচাপে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীৰেন ভট্টাচাৰ্য, বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ আহ্বায়ক গোৱিন্দ কলিতা আৰু
আগশাৰীৰ সমাজকৰ্মী দক্ষৰাম বৰ্মনে ভাগ লয়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালনৰ মহান উদ্দেশ্যৰ বিষয়ে বিৱৰি কয়। সভাত বাঁহ-বেতৰ লোকশিল্পী সাহপুৰ গাঁৱৰ বৈকুণ্ঠ দাসক বিশেষভাৱে সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শিক্ষাৰ্থী অনিষা দেৱী, দৰদী জি দাস, হিয়াশ্ৰী ডেকা, বিউটি দাস, সঞ্চিতা দাস, মৃদুলা দাস, কৃষ্ণামণি কলিতা আৰু গাৰ্গী কলিতাই পৰিৱেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰ আৰম্ভ হোৱা এই সভাত শিক্ষক কুমুদ দাসে বৰগীত, সোণাক্ষী দাস, ভিতালি দাস আৰু ৰিয়ামণি দাসে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰে। ইয়াৰ পূৰ্বে ৰাজকদমতল শাখা সাহিত্য সভাৰ
সম্পাদক লোহিত বৰ্মনৰ পৰিচালনাৰে পঞ্চমৰপৰা দ্বাদশ শ্ৰেণীলৈ দুটা শাখাত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা হয়। এই প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম ভিতালি দাস, দ্বিতীয় ৰুদ্ৰ আদিত্য কাশ্যপ আৰু তৃতীয় স্থান লাভ কৰে সোণাক্ষী দাসে। ‘খ’ শাখাত প্ৰথম হিয়ামণি বৰ্মন, দ্বিতীয় হিমানী ৰাজবংশী, আকৌ দীপান্বিতা বৰ্মন আৰু প্ৰিয়াংশী হীৰাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাখন উদ্বোধন কৰে ৰাজকদমতল শাখা সাহিত্য সভাৰ উপ সভাপতি মুকুল শৰ্মাই। স্থান প্ৰাপক প্ৰতিযোগীসকলক মুকলি সভাত বঁটা প্ৰদান কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান ৰূপায়ণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ
সভাপতি লক্ষী পাটোৱাৰী, ৰাজকদমতল সন্ধা হাইস্কুলৰ প্ৰধান শিক্ষক দ্বিজেন্দ্ৰনাথ শৰ্মা আৰু ৰাজকদমতল বালিকা বিদ্যাপীঠ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীপক তালুকদাৰে। এই দিৱসৰ কাৰ্যসূচীত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বহুকেইখন শাখাৰ সভাপতি, সম্পাদক আৰু সদস্যই ভাগ লয়। অসম সংগীত পৰিৱেশনেৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ কাৰ্যসূচী সামৰা হয়।