ashomiyapatrika.com

শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদত পুনৰ কঁপি উঠিল চচলৰ ধৰ্ণাস্থলী

0 33

শীঘ্ৰে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন নিদিলে জংগী আন্দোলন কৰাৰ হুংকাৰ উচ্ছেদিতৰ

গুৱাহাটীঃ শিলসাঁকোৰ উচ্ছেদিত থলুৱা পৰিয়ালে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত অব্যাহত ৰাখিছে প্রতিবাদ। উচ্ছেদৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উচ্ছেদিতক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়াৰ প্রতিশ্রুতি প্রদান কৰিছিল যদিও আজিলৈকে এটা থলুৱা পৰিয়ালকো পুনৰ সংস্থাপন নিদিয়াত অধিক ক্ষোভিত হৈ পৰিছে শিলসাঁকোৰ উচ্ছেদিত লোকসকল। আজি দিনৰ ১১ বজাত শিলসাঁকোৰ উচ্ছেদিত থলুৱা লোকসকলে যথোচিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত চচলৰ ধৰ্ণাস্থলীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে। “মাটি আমাক লাগিবই”, “আমাক যথোচিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিব নোৱাৰিলে মাটি ভেটি ঘূৰাই দিয়ক”,

“জিঞ্জাৰে মাটি পালে আমিও মাটি পাব লাগিবই”, “বদৰুদ্দিন আজমলে মাটি পালে আমিও মাটি পাব লাগিবই”, “আমাৰ মাটি আমাক ঘূৰাই দিয়ক”, “আমাক পুনৰ সংস্থাপন দিব নোৱাৰা হিমন্ত বিশ্ব শর্মা হায়, “থলুৱা বিৰোধী বিজেপি চৰকাৰ হায় হায়” আদি চৰকাৰ বিৰোধী শ্লোগানেৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে উচ্ছেদিত লোকসকলে। আজিৰ ধর্ণা কাৰ্যসূচীত নেতৃত্ব প্রদান কৰি শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ প্রতিনিধি ভৈৰবী শর্মা, গায়ত্ৰী বৰি, নমি হালদাৰ, বুলবুল বৰুৱা আৰু জুলি ফুকনে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ শাসনকালত আমি শিলসাঁকোৰ থলুৱা লোকসকল কেৱল প্ৰতাৰণা আৰু প্রবঞ্চনাৰ বলি হৈছোঁ।

উচ্ছেদৰ বৰ্বৰতাৰ দৰেই ক্ষতিপূৰণৰ ক্ষেত্ৰতো চূড়ান্ত প্ৰতাৰণা আৰু প্রবঞ্চনাৰ আশ্ৰয় লৈছে চৰকাৰ প্ৰশাসনে, যাৰ বাবে আমাক অধিক ক্রোধিত হ’বলৈ বাধ্য কৰাইছে পৰিস্থিতিয়ে। বেআইনী, অমানৱীয়, বৈষম্যমূলক চৰকাৰী উচ্ছেদত দগ্ধ হৈ বহু খং আৰু আবেগত পাৰ কৰিছো ১৭ টাকৈ মাহ। ন্যায় আৰু জীয়াই থাকিবৰ বাবে অকণমান আশ্রয় বিচাৰি চৰকাৰৰ আঁকোৰগোজ স্থিতিৰ ওচৰত ভাগৰুৱা হৈ পৰিছো। যিকোনো মুহুর্তত যেন আমাৰ ধৈৰ্য্যৰ বান চিঙি পৰিব তাৰ বাবে বাদ চাই আছে নেকি চৰকাৰ? মুখ্যমন্ত্রী ডাঙৰীয়াৰ লৈ আমাৰ প্রশ্ন। থলুৱা হিচাপে জন্ম লৈ নিজৰ মাতৃভূমিত অকণমান অশ্রয় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। চৰকাৰে আমাৰ

সকলো সপোন শেষ কৰি দিলে আমি এতিয়া অঘৰী। সর্বস্ব শক্তিৰে যুঁজিম নিজৰ অধিকাৰৰ কাৰণে। আমাৰ ধৈৰ্য্যৰ পৰীক্ষা নকৰিব বুলি প্রতিবাদস্থলীত খং আৰু ক্ষোভত ফাটি পৰে উচ্ছেদিত লোকসকল। আজিৰ ধর্ণা কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কৃষক মুক্তি সংগ্রাম সমিতিয়ে। সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে শিলসাঁকোৰ উচ্ছেদিতক লৈ বিজেপি চৰকাৰে কুটিল ৰাজনীতিৰ আশ্ৰয় লৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্রতিবাদ স্তিমিত কৰিবলৈ চৰকাৰে একাংশ উচ্ছেদিতক নগণ্য পৰিমাণৰ ক্ষতিপূৰণ আদায় দি ব্যাপক প্ৰচাৰৰ জৰিয়তে বাহ বাহ

ল’ব বিচাৰিছে। কিন্তু সম্পূর্ণ বেআইনীভাৱে উচ্ছেদ কৰা থলুৱা পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বিষয়টো কেৱল সামান্য ক্ষতিপূৰণ দিয়ে তল পেলাব বিচাৰিছে। সেয়া চৰকাৰৰ চূড়ান্ত অন্যায়। এহাতেদি মিচন বসুন্ধৰাৰ জৰিয়তে থলুৱাক মাটি দিয়া হ’ব বুলি চলোৱা চৰকাৰী প্ৰচাৰৰ ফটা ঢোল আনহাতে থলুৱা লোকক মাটি দিয়াটো দূৰৰে কথা যুগ যুগ ধৰি বসবাস কৰি থকা দখলীকৃত মাটিৰ পৰাও উচ্ছেদেই নহয় উচ্ছেদিতক ন্যূনতম প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে চৰকাৰে। এয়া আমাৰ বাবে অসহনীয়। হিমন্ত চৰকাৰৰ এই থলুৱা বিৰোধী এনে দুমুখীয়া স্থিতি ৰাজহুৱা কৰিবৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে শিলসাঁকোৰ পাঁচশ জনীয়া এটি দলে দিল্লীত গৈ প্রতিবাদ সাব্যস্ত কৰিব বুলি কৃষক মুক্তিৰ নেতাদ্বয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.