মোডী চৰকাৰৰ অহংকাৰ খৰ্ব কৰাৰ সময় সমাগতঃ সাংসদ গৌৰৱ গগৈ
গুৱাহাটীঃ আজি নতুন দিল্লীৰ জন্তৰ মন্তৰত সন্মিলিত বিৰোধী ঐক্যমঞ্চ ‘INDIA’ ৰ উদ্যোগত অনুষ্ঠিত এক প্ৰতিবাদী সভাত অংশগ্রহণ কৰি লোক সভাৰ বিৰোধী উপ দলপতি সাংসদ গৌৰৱ গগৈয়ে কয় যে – ‘মই এই মঞ্চৰ পৰা বিজেপি আৰু মোডী চৰকাৰক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো। যদি আপোনালোকে ভাবিছে যে ১৪০ সাংসদক নিলম্বিত কৰি আপোনালোকে আমাক ভয় খুবাৱ পাৰিব, ধমকি দিব পাৰিব তেন্তে এই সভালৈ আহি চাই যাওকহি। ইণ্ডিয়া এলায়েন্সে ভয়ো খোৱা নাই আৰু শিৰনতও নকৰে ৷ বৰঞ্চ আমি যুঁজৰ বাবেহে সাজু হৈছোঁ। বিজেপি চৰকাৰে আমাৰ ওপৰত লাগিলে যিমানেই অত্যাচাৰ নকৰক, যিমানেই ই ডি পঠাওঁক, পুলিচ লগাই
অত্যাচাৰ কৰাওক কিন্তু এটা কথা মনত ৰাখিব যুঁজাৰু মানসিকতা আমাৰ ডি এন এত আছে। যুঁজাৰু মানসিকতা আমাৰ তেজত আছে ৷ আমাৰ গৌৰৱোজ্জ্বল সংগ্রামৰ ইতিহাস আছে। আমি স্বাধীনতা লাভৰ বাবে সংগ্রাম কৰিছিলো। আমি অন্যায়, অত্যাচাৰ আৰু শোষণৰ বিৰূদ্ধে যুঁজিছিলো ৷ আজি আমি ভাৰতবর্ষৰ অখণ্ডতা ৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিছো। আমি আমাৰ দলৰ আদৰ্শৰ বাবে, স্বাভিমানৰ বাবে যুঁজ অব্যাহত ৰাখিছো। আমি দুখীয়া-দৰিদ্র, কৃষক-শ্ৰমিক আৰু নিবনুৱা সকলৰ বাবে যুঁজি আছো। আমি চৰকাৰৰ পৰা সংসদত কি দাবী কৰিছিলো ? আমি মাথো বিচাৰিছিলো যে ১৩ ডিচেম্বৰত সংসদত যি অভূতপূৰ্ব
পৰিস্থিতিৰ সৃষ্টি হ’ল সেই বিষয়ত কেন্দ্রীয় গৃহমন্ত্রীৰ পৰা এটা বিবৃতি। দেশৰ আটাইতকৈ সুৰক্ষিত গণতন্ত্রৰ মন্দিৰ স্বৰূপ সংসদৰ নিৰাপত্তা বেহু ভেদ কৰি কেনেকৈ এনে ঘটনা সংঘটিত হ’বলৈ পালে? নিশ্চয়কৈ নিৰাপত্তাৰ ক্ষেত্রত ক’ৰবাত খুত আছিল।দেশৰ আটাইতকৈ সুৰক্ষিত স্হানৰ নিৰাপত্তাজনিত বিষয় এটাত কেনেকৈ ইমান এটা ডাঙৰ খুত ৰৈ গ’ল সেই বিষয়ে ক’বলৈ বা নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিবলৈ গৃহমন্ত্রী সংসদলৈ আহিব লাগিছিল ৷ এইয়া লোকতন্ত্ৰৰ নিয়ম৷ যেতিয়াই চৰকাৰৰ ভূল হয় তেতিয়াই প্ৰজাৰ ওচৰত চৰকাৰ জবাবদিহি হ’ব লাগে। এইয়াই আমাৰ সংবিধান প্ৰদত্ত গণতান্ত্রিক আৰু সংসদীয় পৰম্পৰা। কিন্তু এই চৰকাৰৰ নিজৰ শক্তিৰ ওপৰত
ইমানেই অহংকাৰ যে গৃহমন্ত্ৰী সংসদলৈ অহাৰ পৰিৱৰ্তে এটা ব্যক্তিগত চেনেলত গৈ মনৰ কথা কয় ৷ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই সংসদলৈ অহাৰ পৰিবৰ্তে নিজৰ মন্তব্য এখন দৈনিক কাকতত বক্তব্য দিয়ে৷ আমি সকলোৱে এই দুই নেতাৰ চুড়ান্ত অহংকাৰ আৰু বিজেপি দলৰ অহংকাৰ খৰ্ব কৰাৰ সময় আহি পৰিছে ৷ ইয়াৰ বাবে আমি যুঁজিব লাগিব আৰু সকলোৱে একত্রিতভাৱে এই যুঁজ কৰিব লাগিব। আমি সকলো এক হৈ থাকিব লাগিব। নহ’লে আমাৰ দেশলৈ ভয়ংকৰ বিপদ আহি আছে৷’ সাংসদ গৰাকীয়ে লগতে কয় যে দেশৰ বিভিন্ন প্ৰান্তত এই ভয়াৱহ বিপদৰ ভিন ভিন উদাহৰণ আমি দেখিছো৷ আমি দেখিছো যে মণিপুৰত আজি কি পৰ্য্যায়ত বিভাজন অনা হৈছে ৷
মণিপুৰত আজি কেনেধৰণে বহু লোকক সমাধিস্থ কৰা হৈছে ৷ দেশৰ হৈ অলিম্পিকত পদক লাভ কৰা হাৰিয়ানাৰ মহিলা খেলুৱৈক প্ৰতি কি পৰ্য্যায়ত অন্যায় কৰা হৈছে ৷ কিদৰে দেশত ধনী আৰু দুখীয়াৰ মাজত সাংঘাতিক ব্যৱধান বাঢ়ি গৈ আছে ৷ কেনেদৰে কৃষকৰ ওপৰত আক্রমণ আৰু অন্যায় কৰা হৈছে৷ আমি এই মঞ্চৰ পৰাই সেই সকল কৃষকলৈ মই শ্ৰদ্ধা জনাইছো যিসকলে ১ বছৰ কাল চৰম ত্যাগ আৰু আত্মবলিদানেৰে চৰকাৰৰ বিৰুদ্ধে সংগ্রাম কৰি মোডী চৰকাৰক তিনিখনকৈ কলা আইন উঠাই ল’বলৈ বাধ্য কৰিছিল। আমিও তেওঁলোকৰ দৰেই বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে একত্রিতভাৱে যুঁজিব লাগিব। আমাৰ ওপৰত নানান অত্যাচাৰ সম্মুখীন
হ’বলগীয়া হ’ব পাৰে। আমি এই যুঁজ সমগ্র দেশৰ জনগণ, নিবনুৱা যুৱক-যুৱতী, কৃষক, শ্ৰমিক, মহিলা সকলোৰে সহযোগিতাত আগুৱাই নিম।আজি ইয়াৰ পৰাই ঘোষণা কৰিছো যে আগন্তুক লোকসভা নির্বাচনত সন্মিলিত বিৰোধী শক্তি INDIA Alliance ৰ জয়ী হ’ব।