ashomiyapatrika.com

বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোসাঁই আশ্ৰিত শিৱ মন্দিৰৰ সাহায্যৰ্থে আয়োজিত উপহাৰ কুপন বিক্ৰী কেন্দ্ৰ মুকলি

0 59

বকোঃ দেৱাদিদেৱ মহাদেৱক উপাসনা কৰা শক্তিস্থান কামৰূপ জিলাৰ বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোঁসাই আশ্ৰিত মন্দিৰৰ সাহায্যৰ্থে মন্দিৰ সমিতিয়ে আয়োজন কৰিছে উপহাৰ কুপনৰ খেল। বকো আৰক্ষী থানাৰ নাৰেঙ্গাস্থিত ভাঙ্গাৰা গোঁসাই ঘৰ আধুনিকিকৰণৰ বাবে আঁচনি গ্ৰহণ কৰি আয়োজন কৰিছে উপহাৰ কুপনৰ খেল খন। ভাঙ্গাৰা গোঁসাই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি চবিন কৈৱৰ্ত আৰু সম্পাদক কাতি ৰাম কৈৱৰ্তৰ তৎপৰতাত আজি বকোত মুকলি কৰা হয় টিকট বিক্ৰী কেন্দ্ৰ। আজি বকো নদীৰ পাৰত মা কামাখ্যা দৈনিক বজাৰ প্ৰাংগনত মুকলি কৰা হয় উপহাৰ কুপন বিক্ৰী কেন্দ্ৰটো। আজি বকোত কাৰ্য্যালয় আৰু কুপন বিক্ৰী

কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকো মৌজা পৰিষদৰ উপ সভাপতি নকুল কুমাৰে আৰু সহযোগ কৰে সম্পাদক শিৱ প্ৰসাদ ৰাভাই। কেন্দ্ৰটো মুকলিৰ লগে লগে টিকট বিক্ৰীৰ ধুম উঠিছে বুলি জানিব দিয়ে উদ্যোক্তা সমিতিয়ে। উপহাৰ কুপন ক্ৰয়ৰ বাবে অনলাইন – 8472987613 নম্বৰ প্ৰকাশ কৰিছে কুপন বিক্ৰীদাৰ সকলে। অহা ২০২৪ বৰ্ষৰ ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব উপহাৰ কুপনৰ খেল। উল্লেখ্য যে আজি উপহাৰ কুপনৰ খেলৰ যাৱতীয় কাম-কাজৰ বাবে অস্থায়ী কাৰ্য্যালয়টো মুকলি কৰে। অনুস্থানত উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ বিষয় ববীয়াৰ উপৰিও কমলেশ্বৰ কৈৱৰ্ত, বকোৰ যুৱ সমাজ কৰ্মী উমেশ ৰাভাকে ধৰি বহু সংখ্যক শুভাকাংশী।

Leave A Reply

Your email address will not be published.