ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অনুদান বিতৰণী সভাঃ সম বিকাশ – সম উন্নয়ণ – সম অধিকাৰ লক্ষ্য- সুমিত ৰাভা
বকোঃ অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহাৰ্য্যত আজি কামৰূপ জিলাৰ বকোত অনুদান বিতৰণ কৰা হয়। উল্লেখ্য যে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২৭ নং বকো পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা যুৱ নেতা সুমিত ৰাভাৰ তৎপৰতাত আজি হিতাধিকাৰীৰ মাজত বহু কেইবিধ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। বকোস্থিত পৰ্য্যটন বিভাগত বাংলাত পৰিষদৰ এলেকাৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰে ২৪ গৰাকী হিতাধিকাৰীৰ মাজত দমকল, বিছনাৰ সামগ্ৰী- কম্বল আঠুৱা ৫২১ গৰাকী পাৱাৰ পাম্প ( পানী সিচা ) ১১ টা, ষ্টিল আলমিৰা ৬টা
আৰু বুক চেলফ ৫ টা বিতৰণ কৰে। ইফালে পৰিষদ খনৰ মণিটৰিং সমিতিৰ সম্পাদক অমৰেন্দ্ৰ অধিকাৰীয়ে আত ধৰা অনুস্থানত পাৰিষদ সুমিত ৰাভাই হিতাধিকাৰী সকলোক সম্বোধন কৰি দিয়া ভাষণত কয় যে ৰাভা হাছং পৰিষদৰ সম বিকাশ – সম উন্নয়ণ আৰু সম অধিকাৰৰ লক্ষ্যৰে পৰিচালনা কৰা হৈছে। পৰিষদৰ জৰিয়তে অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ প্ৰয়াস কৰা হৈছে। ইফালে সামগ্ৰী গ্ৰহণ কৰি হিতাধিকাৰী সকল উপকৃত হৈছে বুলি জানিব দিয়ে সকলোৱে।