ashomiyapatrika.com

মৰিগাঁও পৌৰসভাত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

0 39

ৰাইজৰ দুৱাৰমুখৰ পৰা ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাঃ মহন্ত

মৈৰাবাৰীঃ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য-প্ৰযুক্তি ইত্যাদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি মৰিগাঁও পৌৰ সভাৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিভিন্ন বিভাগে মুকলি কৰা বিপনীসমূহ পৰিদৰ্শন কৰে। এই উপলক্ষে মৰিগাঁও সদৰ বিহুতলীত অনুষ্ঠিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কোনো যোগ্য ব্যক্তি চৰকাৰৰ আঁচনিসমূহৰ

পৰা যাতে বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰা আৰু চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত মধ্যভোগীৰ হস্তক্ষেপ সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ ৰাইজৰ বিকাশেই দেশৰ বিকাশ বুলি উল্লেখ কৰি কয় যে এইখন চৰকাৰ ৰাইজৰ দুৱাৰমুখত থকা চৰকাৰ। ৰাইজৰ দুৱাৰমুখৰ পৰা ৰাইজৰ সমস্যাসমূহৰ বুজ লোৱা এই কাৰ্যসূচীৰ অন্যতম উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ পথ সুৰক্ষা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱা মানে কেৱল পৰিয়ালটোৱে নহয়, সমাজখনেই এটা মানৱ সম্পদ হেৰুৱাবলগীয়া হয়। পথ সুৰক্ষা

সুনিশ্চিত কৰাটো সামূহিক দায়িত্ব বুলি তেওঁ মন্তব্য কৰে। জল জীৱন অভিযান, অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে আয়ুষ্মান কাৰ্ডৰ অধীনত বছৰি ৫ লাখ টকাপৰ্যন্ত স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱা হৈছে। তেওঁ যোগ্যসকলক ইয়াৰ সুবিধা ল’বলৈ আহ্বান জনায়। সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দুখীয়া জনসাধাৰণৰ কল্যাণৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে। জনসাধাৰণৰ জীৱন সূচল কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ দ্বাৰা সমাজৰ সকলো স্তৰৰ লোক উপকৃত হৈছে বুলি তেওঁ মত প্ৰকাশ

কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰেও বক্তব্য আগবঢ়ায়। সভাত বিভিন্ন আঁচনিৰ কেইবাগৰাকীও হিতাধিকাৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। সভাৰ অংশৰূপে কৃষি বিভাগৰ উদ্যোগত ড্ৰোণ প্ৰযুক্তিৰ সহায়ত নেন’ ইউৰিয়া প্ৰদৰ্শন কৰা হয়। লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। সভাত জিলা যক্ষ্মা কোষৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত অভিযানৰ অংশৰূপে নিক্ষয় মিত্ৰ হিচাপে বঘৰা ৰাজ্যিক চিকিৎসালয় জন আৰোগ্য সমিতিৰ হৈ দুগৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰা হয়। লগতে এতিয়ালৈকে ১০০ গৰাকী যক্ষ্মা ৰোগীৰ দায়িত্ব লোৱা জে

আৰ এন ফাৰ্মা এল এল পিক সম্বৰ্ধনা জনোৱা হয়। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, মৰিগাঁও পৌৰ সভাৰ পৌৰ পতি যোগেশ তামুলী, বিশিষ্ট লেখক মিলেশ্বৰ পাতৰ, সমাজকৰ্মী প্ৰবীণ মেধি আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি, ৱাৰ্ড কমিছনাৰসকল, জিলা প্ৰশাসনৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, পৌৰ সভাৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰীসকল উপস্থিত আছিল। অনুষ্ঠানটোৰ আঁত ধৰে মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজীৱ চহৰীয়াই।

Leave A Reply

Your email address will not be published.