ashomiyapatrika.com

বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ পালন উপলক্ষে বহুভাষিক ‘স্মৃতিগ্ৰন্থ’ প্ৰকাশৰ প্ৰস্তুতি

0 47

বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয় খনৰ স্থাপন কাল পয়সত্তৰ বছৰ হোৱা উপলক্ষে আয়োজন কৰাৰ প্ৰস্তূতি চলিছে হীৰক জয়ন্তী উৎসৱৰ। ইতিপূৰ্বে গঠন কৰা হৈছে হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতি খন। হাইস্কুল খনৰ হীৰক জয়ন্তী বৰ্ষ মহোৎসৱ আয়োজনৰ লগত সংগতি ৰাখি পয়সত্তৰ বছৰীয়া ইতিহাস সম্বলিত আৰু অঞ্চলটোৰ জাতি জনগোষ্ঠীৰ আবেগ অনুভূতিক প্ৰাধান্য দিবলৈ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে এখন বহু ভাষিক স্মৃতিগ্ৰন্থ। উল্লেখ্য যে স্মৃতিগ্ৰন্থ প্ৰকাশৰ বাবে সকলো যাৱতীয় বিধি ব্যৱস্থা আৰু ইয়াৰ বিষয় বস্তু সমুহ খৰচি মাৰি আলোচনা কৰিবলৈ আজি কাৰ্য্যালয়ত আয়োজন কৰা হয় এখন


বিশেষ বৈথক। হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা বকোৰ প্ৰাক্তন বিধায়ক জ্যেতিপ্ৰসাদ দাস, কাৰ্য্যকৰী সভাপতি সুমিত ৰাভা, সাধাৰণ সম্পাদক তথা বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰাজেশ মহন্ত আৰু স্মৃতিগ্ৰন্থ প্ৰকাশক সমিতিৰ বিষয় ববীয়া সকলোৰ উপস্থিতিত আয়োজন কৰা বৈঠকৰ সিদ্ধান্ত অনুসৰি বিদ্যালয় খনৰ হীৰক জয়ন্তী বৰ্ষৰ বহু ভাষিক স্মৃতিগ্ৰন্থৰ বাবে সদাশয় লেখক আৰু বৌদ্ধিক সমাজক অহা ২০২৪ চনৰ ৩০ এপ্ৰিলৰ ভিতৰত লেখনি বিচাৰি আবেদন জনাইছে। স্মৃতিগ্ৰন্থ প্ৰকাশ উপ সমিতিৰ মুখ্য সম্পাদক তীৰ্থ কুমাৰ কলিতা আৰু কলিতাৰ Email Id — tirtha 781124 @ gmail. com জমা দিবলৈ আহ্বান জনাইছে৷

Leave A Reply

Your email address will not be published.