নিৰ্বাচন আয়োগৰ অসমৰ সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰথমটো খচৰা প্ৰকাশঃ জিলা ভিত্তিত বিধানসভা সমষ্টিৰ তালিকা
গুৱাহাটীঃ ভাৰতৰ নিৰ্বাচন আয়োগে আজি অসমৰ সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰথমটো খচৰা প্ৰকাশ প্ৰকাশ কৰিছে৷ অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ ধাৰা ৮-(ক)ত উল্লেখ কৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷ নিৰ্বাচন আয়োগে এই খচৰাৰ ওজৰ-আপত্তি দিয়াৰ বাবে অন্তিম তাৰিখ ১১ জুলাই নিৰ্ধাৰণ কৰি দিয়ে। জুলাইত পুনৰ অসমলৈ নিৰ্বাচন আয়োগৰ দল সিদ্ধান্ত লব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে৷ আজি প্ৰকাশিত অনুসৰি জিলা ভিত্তিত বিধানসভা সমষ্টিৰ তালিকা এনেধৰণৰ
কোকৰাঝাৰত জিলাত গোসাইগাঁও, দতমা (এছটি), কোকৰাঝাৰ(এছটি) বাওখুংগ্ৰি আৰু পৰ্বতঝৰা সমষ্টিৰ প্ৰস্তাৱ
ধুবুৰী জিলাত হব গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আৰু বিলাসীপাৰা
দক্ষিণ শালমৰা জিলাত দক্ষিণ শালমৰাৰ প্ৰস্তাৱ
গোৱালপাৰা জিলাত থাকিব জলেশ্বৰ, গোৱালপাৰা(এছটি), গোৱালপাৰা পূব, দুধনৈ(এছটি)
বঙাইগাঁও জিলাত হব অভয়াপুৰী, মানিকপুৰ, বঙাইগাঁও
চিৰাং জিলাৰ বাবে ছিদলি চিৰাং (এছটি), বিজনী
বৰপেটা জিলাত হব ভবানীপুৰ, মন্দিয়া, চেঙা, ৰূপসী
বৰপেটা(এছচি) আৰু বজালী
কামৰূপ গ্ৰাম্য আৰু মহানগৰ জিলাত চমৰীয়া, বকো(এছটি), পলাশবাৰী, হাজো(এছচি) ৰঙিয়া, কমলপুৰ, দিছপুৰ, ডিমৰীয়া(এছচি) নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, জালুকবাৰী
নলবাৰী জিলাত বৰক্ষেত্ৰী, নলবাৰী, টিহু
বাক্সা জিলাত প্ৰস্তাৱ মতে গোৱবৰ্ধনা, বাক্সা(এছটি), তামুলপুৰ(এছটি), গোৰেশ্বৰ
ওদালগুৰি জিলাত হব ভেৰগাঁও, ওদালগুৰি(ST), মাজবাট, টংলা
দৰং জিলাত থাকিব ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও
মৰিগাঁও জিলাত থাকিব জাগীৰোড(এছচি), লাহৰীঘাট আৰু মৰিগাঁও
নগাঁও জিলাত বটদ্ৰৱা, ৰূপহীহাট, কলিয়াবৰ
চামগুৰি, বঢ়মপুৰ, নগাঁও, ৰহা(এছচি), বিন্নাকান্দি, হোজাই আৰু লামডিং
শোণিতপুৰ জিলাত ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা ,চতিয়া, বিশ্বনাথ, বিহালী(এছচি), গহপুৰ
লখিমপুৰ জিলাত হব বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা(এছটি)
ধেমাজি জিলাত ধেমাজি(এছটি), চিচিবৰগাঁও, জোনাই(এছটি)
তিনিচুকীয়া জিলাৰ বাবে প্ৰস্তাৱ আছে শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া
ডিব্ৰুগড় জিলাত হব চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান,
টিংখাং আৰু নাহৰকটীয়া
চৰাইদেউ জিলাত সোণাৰি আৰু মাহমৰা
শিৱসাগৰ জিলাত হব ডিমৌ, শিৱসাগৰ আৰু নাজিৰা
মাজুলী জিলাত থাকিব মাজুলী(এছটি)
যোৰহাট জিলাত টীয়ক, যোৰহাট, মৰিয়নী, তিতাবৰ
গোলাঘাট জিলাত হব গোলাঘাট, দেৰগাঁও, বোকাখাট, খুমটাই, সৰুপথাৰ
কাৰ্বি আংলং জিলাত থাকিব
বোকাজান(এছটি), হাওৰাঘাট(এছটি), ডিফু(এছটি)
ৰংখাং(এছটি) আমৰি(এছটি)
ডিমা হাচাও জিলাত হব ডিমা হাচাও(এছটি)
কাছাৰ জিলাত থাকিব লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা, শিলচৰ, সোণাই আৰু নৰসিংপুৰ(এছটি)
হাইলাকান্দি জিলাত হাইলাকান্দি আৰু আলগাপুৰ
কৰিমগঞ্জ জিলাত বদৰপুৰ, উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী(এছচি)৷