ashomiyapatrika.com

অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰাত তীব্ৰ ক্ষোভ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ

0 64

দেশৰ গৃহমন্ত্ৰী আৰু সৰ্ব ভাৰতীয় বি জে পিৰ সভাপতি জে পি নাড্ডাই পাহৰিলে কোচ ৰাজবংশীক

বকোঃ দেশৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বি জে পি নেতৃত্বাধীন চৰকাৰৰ চৰম হেমাহি আৰু চূড়ান্ত প্ৰতাৰণাৰ বাবে আজিৰ তাৰিখটো কোচ ৰাজবংশী সকল বঞ্চিত আৰু লাঞ্চিত হৈ আছে। চৰকাৰৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে আৰু কোচ ৰাজবংশী সকলোক প্ৰতাৰণাৰে বঞ্চনা কৰি আহাৰ বাবে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে। উল্লেখ্য যে আজি কামৰূপ জিলাৰ বকোত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি বিষ্ণু ৰাম দাসে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি এক প্ৰেছ বিজ্ঞপ্তী যোগে জনায় যে দেশৰ শাসন ভাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ হাতত আহিলে ছয় মাহৰ ভিতৰত

কোচ ৰাজবংশী সকলোক অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব। লগতে অসম চৰকাৰ বি জে পিৰ দখলত আহিলে তিনি মাহৰ ভিতৰত অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব। এই ঘোষণা কৰে বি জে পিৰ বৰ বৰ নেতা আৰু মন্ত্ৰীয়ে। দিল্লীৰ পৰা আহে আৰু সভাই সমিতিয়ে ঘোষণা কৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান কৰা হ’ব বুলি। ইফালে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ স্থায়ী কাৰ্য্যালয় উদ্ধোধন কৰিবলৈ অলপতে আহে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সৰ্বভাৰতীয় বি জে পিৰ সভাপতি জে পি নাড্ডাই। দুয়ো গৰাকী বি জে পিৰ শীৰ্ষ নেতাই তিনি দিনীয়া কাৰ্য্যসুচীলৈ অসমত পদাৰ্পন কৰে

গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সৰ্বভাৰতীয় বি জে পিৰ সভাপতি জে পি নাড্ডা। ইফালে দুয়ো গৰাকী বি জে পিৰ কেন্দ্ৰীয় শীৰ্ষ মন্ত্ৰী তথা বিষয় ববীয়া অসমত আহিল কিন্তু অসম চৰকাৰৰ কেবিনেট সমিতি, মুখ্যমন্ত্ৰী, চৈধ্য গৰাকী সাংসদ আৰু ১২৫ গৰাকী বিধায়ক – মন্ত্ৰী গিজ গিজাই থাকিল যদিও অসমৰ কোচ ৰাজবংশী তথা ছয় জনগোষ্ঠীৰ সমস্যাৰ সমাধানৰ বিষয়ে এষাৰো মাত নামাতিলে। অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক সকলে নিমাতী কইনা হৈ কেৱল নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় বিষয়া দুজনক তৈল মৰ্দন কৰি থাকিল। কোনো এগৰাকী বি জে পি নেতাই অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব লাগে বুলি কেন্দ্ৰীয়

নেতৃত্বক খাটনী নধৰিলে। কাৰণ এই সময়ত অসমত কোনো নিৰ্বাচন অনুষ্ঠিত কৰা সময় নহয় বাবে অসমৰ বি জে পিয়ে অসমৰ কোচ ৰাজবংশী সকলোক পাহৰি আছে। কিন্তু নিৰ্বাচন আহিলে ঘনে ঘনে মনত পেলাৱ আৰু প্ৰতি খন নিৰ্বাচনী প্ৰচাৰ সভাত ঘোষণা কৰিব অসমৰ কোচ ৰাজবংশী সকলোক অতি শীঘ্ৰে অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব বুলি। ইফালে আজি অসমত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ নেতা উপস্থিত থকাৰ পিছতো কিয় এবাৰো অসমৰ বি জে পিয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাটো সমাধান কৰিবলৈ দাবী নজনালে ? প্ৰকাশ্য যে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি বিষ্ণু

ৰাম দাসে প্ৰেছ বিজ্ঞপ্তীৰ জৰিয়তে জনায় যে কোচ ৰাজবংশী সকলক অসমৰ প্ৰতিখন চৰকাৰে প্ৰতাৰণা কৰি আহিছে। প্ৰথমতে কোচ ৰাজবংশী সকলোক অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব বুলি ৰাম ঠগন দি প্ৰতাৰণা কৰে অসম গণ পৰিষদৰ অসম চৰকাৰে। ইয়াৰ পিছতে ঠগিলে কংগ্ৰেছ দলৰ চৰকাৰে। কংগ্ৰেছ দলৰ চৰকাৰেও অসমত পোন্ধৰ বছৰ ৰাজত্ব কৰিছিল কিন্তু অসমৰ অধিক জনগাঠনি থকা জনগোষ্ঠী কোচ ৰাজবংশী সকলোক অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ কথা নাভাবিলে। কংগ্ৰেছ দলেও প্ৰতাৰণা কৰে কোচ ৰাজবংশী সকলোক। এতিয়া অসমত বি জে পিৰ চৰকাৰ। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মুখ্যমন্ত্ৰীৰ কাৰ্য্যকালত জনজাতি কৰিম কৰিম বুলি দুই মাহৰ মূৰে মূৰে ঘোষণা কৰিছিল। তথাপিও পুনৰ মিছলীয়া বি জে পিক ভোট দি অসম চৰকাৰ গঠন কৰাত সহায় কৰিছিল। এতিয়া অসমত বি জে পি চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দুই বছৰীয়া কাৰ্য্যকাল চলি আছে। বৰ্তমানেও বি জে পিয়ে ঘোষণা কৰে অতি শীঘ্ৰে অসমৰ কোচ ৰাজবংশী সকলোক অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব বুলি। কিন্তু কেতিয়া ? বাৰে বাৰে কিয় প্ৰতাৰণা ? এই ক্ষেত্ৰত কোচ ৰাজবংশী সমাজক উদ্বুদ্ধ কৰিবলৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহন কৰিবলৈ আহ্বান জনাইছে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয়

সংগঠনৰ নেতৃবৃন্দক। আনহাতে অসম চৰকাৰৰ নিলিপ্ত ভূমিকাৰ বাবে বৰ্তমানেও কোচ ৰাজবংশী সকল অনুসুচীত জনজাতিৰ মৰ্য্যদা লাভৰ পৰা বঞ্চিত হৈ আছে বুলি ক্ষোভ উজাৰি সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি বিষ্ণু ৰাম দাসে অনাগত দিনত চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ কোচ ৰাজবংশী ৰাইজক আহ্বান জনাইছে৷ বিষ্ণু ৰাম দাসে প্ৰকাশ কৰা প্ৰেছ বিবৃতি যোগে জনোৱা মতে বিগত নিৰ্বাচনত কোচ ৰাজবংশী সকলোক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিম বুলি ঘোষণা কৰা বাবে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে ভোট দি বি জে পিৰ চৰকাৰ গঠন কৰাত সহায় কৰিছিল। কিন্তু চৰকাৰ গঠন কৰাৰ পাছত কিয় কোচ ৰাজবংশী সকলোক পাহৰি গ’ল ? এয়া কেনে ৰাজনীতি বুলি প্ৰশ্ন উত্থাপন কৰে নেতা

গৰাকীয়ে। সেয়েহে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলোক অতি শীঘ্ৰে বি জে পি ত্যাগ কৰিবলৈ আহ্বান জনাইছে আৰু বি জে পি বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত অধিক কঠোৰ হ’বলৈ বাধ্য হ’ব কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ নেতৃবৃন্দ।

Leave A Reply

Your email address will not be published.