গুৱাহাটী কমাৰ্চ কলেজত নামভৰ্তিৰ সৈতে নামঘোষা ক্রয় বাধ্যতামূলক
এগৰাকী ছাত্ৰই নাম ভৰ্তিৰ সময়ত নামঘোষাৰ নামত ভৰিব লাগিব ৭০০ টকা
গুৱাহাটীঃ মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষা। অসমীয়া সমাজ জীৱনত মহাপুৰুষ দুজনাৰ অৱদান আৰু প্ৰভাৱ আজিও বিৰাজমান। শেহতীয়াকৈ ঐতিহ্যমণ্ডিত গুৱাহাটী কমাৰ্চ কলেজৰ এক সিদ্ধান্তই হতবাক কৰিছে সচেতন সমাজক। এই সন্দৰ্ভত জাতীয় যুব বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈয়ে কয় যে, ‘আমি সকলোৱে নামঘোষাখনক শ্রদ্ধা কৰাৰ লগতে অসমীয়া সমাজৰ প্ৰতিঘৰ মানুহেই ঘোষাখন ঘৰত ৰাখেই। নামঘোষাখন পঢ়াক লৈ কাৰো আপত্তি নাই। শংকৰ- মাধৱৰ সৃষ্টি আৰু আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। কিন্তু গুৱাহাটী কমার্চ কলেজৰ নামভৰ্তি মাছুলৰ লগত নামঘোষাখন বাধ্যতামূলক কৰাৰ কাৰণ কি?
বাধ্যতামূলক কৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত ৭০০ টকাৰ বোজা জাপি দিব বিচাৰিছে কিয়? যিসময়ত সকলো ছাত্র সংগঠনে মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদ কৰি আছে, সেই সময়তে অতিৰিক্তভাবে নামঘোষাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ৭০০ টকা সংগ্ৰহ কৰাৰ অনুমতি কেনেকৈ লাভ কৰিলে? যি সময়ত চৰকাৰখনে বিনামূলীয়া শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল সেই সময়তেই এখন ধর্মগ্রন্থ ক্ৰয় কৰাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা বাধ্যতামূলক ৭০০ টকাকৈ সংগ্ৰহ কৰাটো কেনে ধৰণৰ কথা? কলেজ কর্তৃপক্ষই ছাত্র-ছাত্রীক বাধ্যতামূলক ধর্মগ্রন্থ ক্ৰয় কৰিবলৈ বাধ্য কৰিব পাৰেনে’? শিক্ষা আৰু ধৰ্মক একাকাৰ নকৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে গুৱাহাটী কমার্চ কলেজ কর্তৃপক্ষক এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰিবলৈ দাবী উত্থাপন কৰে জাতীয় যুব বাহিনীয়ে।