ashomiyapatrika.com

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ

0 34

গুৱাহাটীঃ গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানটো আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। এই উপলক্ষে আজি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন ন-পুৰণি সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হয় য’ত প্ৰায় তিনিশজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ন-পুৰণি সতীৰ্থসকলৰ নাম পঞ্জীয়ন কৰি সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছত প্ৰাক্তন সতীৰ্থৰ শিবিৰ মুকলি কৰা হয় যত উপস্থিত থাকে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা প্ৰাক্তন অধ্যক্ষ ডাঃ ধনেশ্বৰ কলিতা। ৭৫ বছৰ গৰকা উপলক্ষে মহাবিদ্যালয়ৰ খেলপথাৰত পুৰণি সতীৰ্থৰ দ্বাৰা

৭৫খন পতাকা উত্তোলন কৰা হয় আৰু ইয়াৰ পিছতেই শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনোৱা হয় যত তৰ্পক হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা প্ৰাক্তন অধ্যক্ষ ডাঃ ভৱেশ দাস। ন-পুৰণি সতীৰ্থ সন্মিলনখন উদ্বোধন কৰে নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োৱে। গুৰু শিষ্য পৰম্পৰা শীৰ্ষক অনুষ্ঠানটিত কনিষ্ঠসকলে জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। প্ৰাক্তন সতীৰ্থৰ অন্তৰংগ আলাপৰ পিছত বিয়লি এখন প্ৰদৰ্শনী মুকলি কৰা হয় যত উপস্থিত থাকে আয়ুস বিভাগৰ সঞ্চালিকা ডাঃ ইন্দ্ৰানুষি দাস আৰু ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ভি. কে. আহুজা। নিশা এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয় য’ত ন-পুৰণি

সতীৰ্থসকলৰ লগতে আমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰে। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট চিকিৎসক তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র ডাঃ মনোজ শইকীয়াই।

Leave A Reply

Your email address will not be published.