ashomiyapatrika.com

পশ্চিম গুৱাহাটীত কংগ্ৰেছ, প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মীসহ দুই শতাধিকৰ বিজেপিত যোগদান

0 41

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি আজাৰাত বিভিন্ন দল সংগঠনৰ দুই শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত যোগদান কৰা লোক সকলৰ ভিতৰত কংগ্ৰেছ নেতা মিতুল কলিতা, মেহতাব আলী, গৰল গাওঁ পঞ্চায়তৰ কংগ্ৰেছ দলৰ সদস্য বিজু মেধি, আছু’ৰ প্ৰাক্তন বিষয়ববীয়া নকুল কলিতা, সমাজ সংগঠক ৰাতুল ডেকাকে ধৰি কেবাজনো সমাজকৰ্মী, ক্ৰীড়া সংগঠক আৰু বিভিন্ন ক্ষেত্ৰৰ লগত জৰিত লোক আছে। আজাৰাৰ ৰাজহুৱা সভাঘৰ প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী বিমানকোঠ মণ্ডলৰ উদ্যোগত

আয়োজিত যোগদান অনুষ্ঠানৰ আৰম্ভণিতে সমূহীয়া ভাবে বন্তি প্ৰজ্বলন কৰা হয়। বিমান কোঠ মণ্ডলৰ সম্পাদক তীৰ্থ মেধিয়ে আঁত ধৰা উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মোদী চৰকাৰৰ ‘অচ্ছে দিন’ৰ কথা উল্লেখ কৰি চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ ক্ষেত্ৰত হিতাধিকাৰী সকলে পূৰ্বৰ চৰকাৰৰ দিনত কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰাৰ সলনি বৰ্তমান ঘৰত থাকিয়ে সুবিধা সমূহ পাবলৈ সক্ষম হোৱাৰ কথা কয়।ভাষণ প্ৰসংগত তেওঁ ডিজিটেল লেনদেন, চৰকাৰী চাকৰি আদিৰ কথাও উল্লেখ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি’ৰ গুৱাহাটী মহানগৰ জিলা সভাপতি তপন দাস, ৰাজ্যিক কৃষাণ মৰ্চাৰ ৰাজ্যিক

সাধাৰণ সম্পাদক ৰঞ্জিৎ ভট্ট, ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত আৰু অশোক কুমাৰ ভৰালীয়ে ভাৰতীয় জনতা পাৰ্টীৰ গঠন, কাৰ্যকৰ্তা আৰু কৰ্মী সকলৰ দায়িত্ব তথা কৰ্তব্যৰ বিষয়ে ব্যাখ্যা কৰে। আনহাতে বিমানকোঠ মণ্ডলৰ সভাপতি হৰকান্ত নাথে সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য বাখ্যা সাধাৰণ সম্পাদক তীৰ্থ মেধিয়ে৷ সভাত ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী, আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্য, বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিজয় পাঠক, প্ৰভাৰী পৰেশ ৰহাং আদি কৰি কৰ্মকৰ্তা সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.