বকোত অসম সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভা
বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে বৌদ্ধিক সমাজ গঢ়া তথা অসম মাতৃৰ ভাষা জননীৰ সেৱা কৰা অসম সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভা খন আজি আনুষ্ঠানিক ভাৱে সম্পন্ন হয়। কামৰূপ জিলা সাহিত্য সভাৰ অন্যতম শতদল শাখা বকো সাহিত্য সভাৰ সহযোগত বকোস্থিত শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এক মনোজ্ঞ অনুস্থানৰ জৰিয়তে আয়োজন কৰা হয় জিলা সাহিত্য সভাৰ সভা খন। উল্লেখ্য যে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড: নৃপেন্দ্ৰ নাথ তালুকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাৰ আত ধৰে সম্পাদক ৰজনী শালৈয়ে। জিলা সাহিত্য সভাৰ বিভিন্ন প্ৰান্তৰ বিষয় ববীয়াই সভাত অংশগ্ৰহণ
কৰে। কাৰ্য্যনিৰ্বাহক সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইজন বিষয় ববীয়া উপস্থিত থাকে। উল্লেখ্য যে জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সভাত মুখ্য সাংগঠনিক সম্পাদক ৰমেশ চন্দ্ৰ মেধি, কাৰ্য্যকৰী সভাপতি কনক শৰ্মা, কৰ্ণধাৰ সদস্য অজিত প্ৰসাদ শৰ্মা, প্ৰাক্তন সভাপতি প্ৰভাত বনিয়া, অসম সাহিত্য সভাৰ উপ সমিতি মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কুমাৰ কলিতাকে ধৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক সকলে সভা শুৱনি কৰে। লগতে অসম সাহিত্য সভাৰ ভিন্ন বিভাগৰ আহ্বায়ক মণ্ডলী, সাহিত্য সভাৰ যুৱ সাংসদ
সুশীল ডেকা সহ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদকদ্বয় প্ৰকাশ ডেকা আৰু ধীৰাজ দাসে সহযোগ কৰে। উল্লেখ্য যে বকো শতদল শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক জনাৰ্দন বড়োৰ তৎপৰতাত সভাপতি বিজয়া ডেকা, উপদেষ্টা ড: গণেশ্বৰ চহৰীয়া আৰু সহকাৰী সম্পাদক বিষ্ণু ৰাম দাস, পত্ৰিকা সম্পাদক পবিত্ৰ কৈৱৰ্তৰ সহযোগত সভা খন পৰিচালিত হয়। অনুস্থানৰ শুভাৰম্ভণিতে বকো সাহিত্য সভাৰ সদস্যাৰ জৰিয়তে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক সমবেত সংগীত দিপিকা দেৱীৰ দ্বাৰা বৰগীত আৰু জোৎস্না ৰাভাৰ দ্বাৰা ভজন পৰিবেশন কৰা হয়। ইফালে সাহিত্য সভাৰ আগন্তুক
দিনত কৰিব লগা কাৰ্য্যসুচীৰ বিষয়ে অৱগত কৰে আৰু অনাগত দিনত সাহিত্য সভাক ৰাইজৰ মাজলৈ নিয়াৰ পদক্ষেপ গ্ৰহণ কৰে।