শিলচৰত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ পৰিষদৰ সভা আৰম্ভ
গুৱাহাটীঃ চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ পৰিষদৰ সভা আজি শিলচৰৰ গান্ধী হলৰ প্ৰয়াত শ্ৰমিক নেতা মজফৰ আলি মঞ্চত দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। পুৱা ১০ বজাত ৰাজ্যিক সভাপতি অচিত দত্তই চিটুৰ ৰক্ত পতাকা উত্তোলন কৰাৰ জৰিয়তে সভাৰ কাৰ্য্যসূচী আৰম্ভ হয়। ৰাজ্যখনত মুঠ ২৭ খন জিলাৰ পৰা অহা নিৰ্বাচিত ১৪২ গৰাকী পাৰিষদে সভাত অংশগ্ৰহণ কৰে। সাধাৰণ পৰিষদৰ সভাৰ আদৰণী ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি অতিন দেৱ চৌধুৰীয়ে। অচিত দত্ত, নগেন চুতীয়া, বীৰেণ শৰ্মা আৰু ইন্দিৰা নেৱাৰকলৈ গঠিত সভাপতি মণ্ডলীয়ে পৰিচালনা কৰা সভাত কাম-কাজ তথা সাংগঠনিক প্ৰতিবেদনৰ খচৰা উত্থাপন কৰে
সাধাৰণ সম্পাদক তপন শৰ্মাই। ৰাজ্যখনৰ বিজেপি চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে ক্ৰমান্বয়ে বৃদ্ধি পাই থকা জনসাধাৰণৰ অসন্তোষ তথা লেকামহীন মূল্যবৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টিত শোচনীয়ভাবে ব্যৰ্থ চৰকাৰৰ ঢাক-ঢোল বজাই প্ৰচাৰ চলাই উদ্বেগজনক ভাৱে বিত্তীয় পৰিস্থিতিৰ সৃষ্টি কৰি থকা চৰকাৰ খন ৰাজনৈতিক ভাৱে পৰিবৰ্তনৰ আন্দোলনত সক্ৰিয়ভাৱে যোগদানৰ আহ্বান জনাই প্ৰতিবেদনত বিস্তৃতভাৱে ব্যাখ্যা ৰখা হয়। সাধাৰণ সম্পাদকে উত্থাপন কৰা প্ৰতিবেদন ওপৰত ৰাজ্যখনৰ ২৭ জিলাৰ পৰা অহা পাৰিষদে আলোচনাত অংশগ্ৰহন কৰে। আলোচনা অহা কালিলৈ চলিব। চি আই টি ইউৰ কেন্দ্ৰীয়
সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ তপন সেনে পৰিষদ সভাৰ সামৰণি ভাষণ আগবঢ়াব। ৰাজ্যিক পৰিষদ সভাৰ উপলক্ষে শিলচৰ টাউনত থকা বিপিন চন্দ্ৰ পাল প্ৰাঙ্গণত অহা কালিলৈ ১৮ ডিচেম্বৰত দিনৰ ১ বজাত এক শ্ৰমিক সমাৱেশো সংগঠিত হ’ব।