ashomiyapatrika.com

কোচ ৰাজবংশী সন্মিলনীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ কাৰ্য্যকৰী বৈঠক সম্পন্ন

0 68

বকোঃ থলগিৰি ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ অন্যতম জনগোষ্ঠী কোচ ৰাজবংশী সকলোৰ পিতৃ সংগঠন কোচ ৰাজবংশী সন্মিলনীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ আজি অনুষ্ঠিত হয় কাৰ্য্যকৰী বৈথক। বকোৰ চিলাৰায় ভৱনত দিনৰ এঘাৰ বজাত অনুষ্ঠিত হোৱা সভাত পৌৰহিত্য কৰে সভাপতি অশোক কুমাৰ দাসে। সম্পাদক দীপক কুমাৰ ৰয়ে আত আৰু উদ্দেশ্য বাখ্যা কৰা সভাত যোৱা ৫ নৱেম্বৰত জিলা অধিবেশনৰ জৰিয়তে গঠন হোৱা সমিতিৰ চা – চিনাকি আৰু দায়িত্ব গ্ৰহণ পৰ্ব অনুষ্ঠিত হয়। সভাত উপৰহালীত অনুষ্ঠিত হোৱা জিলা অধিবেশনত ৰৈ যোৱা কাৰ্য্যনিৰ্বাহক সদস্য পূৰ্ণাংগ ৰূপ দিয়া হয়। ইয়াৰ পিছতে আনুস্থানিক ভাৱে আয়োজন কৰা

সভাত নৱ গঠিত সমিতি খনে অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠন আৰু ইয়াৰ কৰণীয় দায়িত্বৰ ওপৰত আলোচনা কৰা হয়। সভাত কোচ ৰাজবংশী সন্মিলনীৰ ৰাজ্যিক সমিতিৰ উপ সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়া, যুৱ ছাত্ৰ সন্মিলনীৰ ৰাজ্যিক সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাসকে ধৰি বহু কেইজন কেন্দ্ৰীয় বিষয় ববীয়া উপস্থিত থাকে। সভাত জিলা সমিতিৰ পৰা ৰাজ্যিক সদস্য হিচাপে বেণুধৰ তালুকদাৰক মনোনীত কৰে। ইফালে অহা ২৫ ডিচেম্বৰত হ’ব লগা গোলাঘাটৰ ৰাজ্যিক অধিবেশনত অংশগ্ৰহণৰ বাবে ১০ গৰাকী প্ৰতিনিধি মনোনীত কৰা হয়। সভাত জনগোষ্ঠীটোৰ জনসংখ্যা আৰু জনগাঠনিৰ আৰু জৰীপ

কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বাধ্য কৰিব পৰা প্ৰদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত গৌৰাঙ্গ চৌধুৰীয়ে জিলা সমিতিৰ পৰা ৰাজ্যিক সমিতিলৈ মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মানৰ বাবে আবেদন জনাব লাগে বুলি কয়। সভাত জনগোষ্ঠীটোৰ সেৱাত একাত্ম হ’বলৈ সকলোকে আহ্বান জনায় সভাপতি অশোক কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.