মাহৰ ১৩ তাৰিখ পাৰ হোৱাৰ পিছতো লাভ কৰা নাই নৱেম্বৰ মাহৰ দৰমহাঃ ক্ষোভিত টেট উত্তীর্ণ শিক্ষক সমাজ
বেতনসুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অসমৰ সকলো প্রাথমিক টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকৰ
গুৱাহাটীঃ ৰাজ্যত কৰ্মৰত প্রাথমিক টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষক সকলে দীর্ঘদিন ধৰি বিনাচৰ্তে বেতনসুৰক্ষাসহ নিয়মীয়াকৰণৰ বাবে সংগ্ৰাম কৰি আহিছে৷ শেহতীয়া ভাৱে ৰাজ্যৰ মুখ্যমন্ত্রী গৰাকীয়ে দেশৰ স্বাধীনতা দিৱসৰ পবিত্র ত্ৰিৰংগ পতাকাৰ তলত ৰাজ্যবাসীলৈ কৰা সম্বোধনত সর্বশিক্ষা অভিযানৰ অন্তর্গত সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হব বুলি কৰা ঘোষণাই শিক্ষক সকলক উৎফুল্লিত কৰি তুলিছিল যদিও যোৱা ৭ ডিচেম্বৰত প্ৰতিখন জিলাৰ পাৰদর্শী শিক্ষক প্রতিনিধি সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে নিয়মীয়াকৰণৰ নামত সম্পূর্ণ নতুন দৰমহা গাথনিৰে ০১ এপ্রিল ২০২৪ৰ
পৰা সম্পূর্ণ নতুন চাকৰি হোৱাৰ ঘোষণা কৰাৰ লগতে পূৰ্বৰ দৰমহা বৃদ্ধি তথা জ্যেষ্ঠতা হেৰুৱাব নোখোজা শিক্ষক সকলক সর্বশিক্ষা অভিযানৰ অধীনতে ঠিকাভিত্তিক হৈ থাকি যোৱাৰ বিকল্প ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে। উক্ত ঘোষণাই যোৱা ১১ বছৰে পর্যায়ক্রমে নিযুক্ত টেট্ উত্তীর্ণ ঠিকাভিত্তিক শিক্ষক সকলৰ মাজত ব্যাপক শংকাৰ সৃষ্টি কৰিছে। এফালে ১১ বছৰৰ জীৱনৰ সোণোৱালী সময় খিনিৰ শ্রম, অভিজ্ঞতা, জ্যেষ্ঠতা, দৰমহা বৃদ্ধি হেৰুৱাৰ আশংকা আনফালে ঠিকাভিত্তিক হিচাপে অসুৰক্ষিত ভৱিষ্যতৰ চিন্তাই শিক্ষক সকলৰ মন-মগজু ভাৰাক্ৰান্ত কৰি শৈক্ষিক উদ্যম হ্রাস কৰিছে। সামাজিক মাধ্যমত শিক্ষক সকলে ব্যাপক প্রতিক্রিয়া
প্রকাশ কৰাৰ লগতে এয়া শিক্ষক সকলৰ প্ৰতি কল্যাণকামী চৰকাৰ এখনৰ কেনেধৰণৰ ন্যায় বুলি প্রশ্ন উত্থাপন কৰিছে। প্রাথমিক টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষক সকলৰ প্ৰাপ্যৰ হকে সংগ্রাম চলাই অহা সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ উদ্যোগত অসমৰ সকলো প্রাথমিক টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকে ভৱিষ্যত সুৰক্ষাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ওচৰত সহায়ৰ আকাংক্ষাৰে পত্ৰ প্ৰেৰণৰ এক কার্যসূচী গ্ৰহণ কৰিছে। অসমৰ প্ৰতিজন প্রাথমিক টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকে দেশৰ প্রধানমন্ত্রী গৰাকীৰ ওচৰত ন্যায় আৰু প্ৰাপ্যৰ আশাৰে ১৩,১৪,১৫ ডিচেম্বৰৰ ভিতৰত এখনকৈ পত্ৰ প্ৰেৰণ কৰিব। এক দেশ এক বিধান
কার্যকৰী হৈ থকা দেশত অন্য ৰাজ্যই বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰিব পাৰিলে অসমৰ কোনটো বাধাৰ সম্মুখীন হৈ শিক্ষক সকলক পুনৰ নতুন নিযুক্তি সদৃশ নিয়মীয়াকৰণ কৰিবলৈ ওলাইছে তাকে লৈ শিক্ষক সকল পুনৰ প্ৰতিবাদী হৈ উঠিছে। আনহাতে মাহৰ ১৩ তাৰিখ পাৰ হোৱাৰ পিছতো নৱেম্বৰ মাহৰ দৰমহা লাভ কৰা নাই সর্বশিক্ষাৰ অধীনত কৰ্মৰত প্রাথমিক টেট্ উত্তীর্ণ শিক্ষক সকলে। যিটো সময়ত অসমৰ শিক্ষক-কর্মচাৰীৰ দৰমহা মাহৰ প্ৰথম সপ্তাহতে হয় বুলি চৰকাৰী বিজ্ঞাপন প্রকাশিত হয় সেই একেসময়তে যোৱা কেইবাটাও মাহৰ দৰমহা সময়মতে লাভ কৰা নাই টেট্ উত্তীর্ণ ঠিকাভিত্তিক শিক্ষক সকলে। উল্লেখযোগ্য যে অসমৰ প্ৰাথমিক টেট্ উত্তীর্ণ
শিক্ষক সকলে বিভিন্ন দূৰৰ জিলাত গৈ প্রাথমিক শিক্ষাৰ প্ৰসাৰৰ হকে নিয়োজিত হৈ আছে। তেনে ক্ষেত্রত কর্মৰত স্থান আৰু গৃহ স্থানৰ দুখনকৈ ঘৰ পৰিচালনা কৰা, সন্তান তথা বৃদ্ধ পিতৃ-মাতৃৰ খৰছ বহন কৰা, বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰা ইত্যাদি বিভিন্ন বিষয়ত সময়ত দৰমহা লাভ নকৰিলে শিক্ষক সকল অবাঞ্চিত পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হয়। যিয়ে কর্মস্পৃহা হ্রাস কৰে আৰু তাৰ অশুভ পৰিণাম প্রাথমিক শিক্ষা ব্যৱস্থাৰ ওপৰত পৰে। যিখন ৰাজ্যৰ হিতাধিকাৰী সকলে ধন মাহৰ দহ তাৰিখে লাভ কৰে সেইখন ৰাজ্যৰে চৰকাৰী কৰ্মচাৰী প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ মহান কার্যত নিয়োজিত প্রাথমিক টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষক সকলে মাহৰ প্ৰাপ্য
দৰমহা কেইটাৰ বাবেও হাহাকাৰ কৰিব লগীয়া হোৱাটো অতি লজ্জাজনক। এক বিবৃতিত সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ সভাপতি ত্রৈলোক্য ডেকাই কয় যে, বিত্তীয় জোৰা মাৰিবৰ বাবে প্ৰতিবাৰেই টেট্ উত্তীর্ণ ঠিকাভিত্তিক শিক্ষক সকলোকেই লক্ষ্য কৰি লোৱা যেন অনুভৱ হৈছে। বিভাগৰ যিকোনো কাৰ্যসূচী সম্পূর্ণ নিষ্ঠা আৰু উদ্যমেৰে পালন কৰা শিক্ষক সকলৰ প্ৰাপ্য দৰমহা। কেইটা সময়ত মোকোলাই দিব নোৱাৰাটো বিভাগৰ দুৰ্বলতাৰ পৰিচয়। নৱবৰ্ষৰ আৰম্ভণিতে শিক্ষা বিভাগৰ বিশাল আয়োজন গুণোৎসৱ অনুষ্ঠিত হ’ব। যিটো সময়ত সকলো শিক্ষকেই গুণোৎসৱৰ প্ৰান্ততিত পূর্ণোদ্যমে জড়িত হব লাগিছিল যদিও টেট উত্তীর্ণ
ঠিকাভিত্তিক শিক্ষক সকলে চাকৰিৰ ভৱিষ্যত তথা প্ৰাপ্য দৰমহাৰ চিন্তাত নিমজ্জিত হ’বলগীয়া হোৱাটো শিক্ষা ব্যৱস্থাৰ বাবে শুভকাৰক নহয়। বাৰে বাৰে শিক্ষক সকলক উত্তেজিত কৰি প্ৰাথমিক শিক্ষাৰ কি ধৰণৰ উন্নয়ন বিচাৰিছে বুলি প্রশ্ন কৰে সংগঠনটোৰ সাধাৰণ সম্পাদকদ্বয় কুলজিৎ ঠাকুৰীয়া আৰু পার্থ প্রতিম গগৈয়ে। শিক্ষক সকল চৰকাৰৰ প্ৰতিদ্বন্দী বুলি নাভাবি, আখেজ মূলকভাৱে শিক্ষক সকলক হাৰাশাস্তি নকৰাকৈ প্ৰাপ্য সমূহ আদায় দি শিক্ষক সকলক মানসিক প্রশান্তিৰে পাঠদানৰ পৰিবেশ সৃষ্টি কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় সমাজৰ কার্যকৰী সভাপতি সন্দীপ দেৱচৌধুৰীয়ে।