আজিৰে পৰা কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সদৌ অসম আন্ত দায়েত ফুটবল প্ৰতিযোগিতা আৰম্ভ
মিৰ্জাঃ আজিৰে পৰা মিৰ্জাত কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰ উদ্যোগত সদৌ অসম আন্ত দায়েত ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। মিৰ্জাৰ দায়েত খেল পথাৰত আজি সহস্ৰাধিক ক্ৰিয়া প্ৰেমী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত মিৰ্জা দায়েতৰ অধ্যক্ষ ডক্তৰ পংকজা বৰুৱাই অনুষ্ঠানটোৰ আৰম্ভণিৰ আদৰণি ভাষন ৰাখে। খেলৰ শুভ উদ্বোধন কৰে বৰপেটা এম চি কলেজৰ প্ৰবক্তা পুচ্পা জ্যোতি ওজাই। সেই সময়ত উপস্থিত থাকে দি কে কলেজৰ অধ্যক্ষ অধিকাৰী দেৱৰ উপৰিও জেষ্ঠ প্ৰবক্তা ভূপেন দাস, ড° শিৰোমণি ভূঞা, ড° জুম্পা দে, প্ৰিতি পুষ্পা দাস, জোনমনি কলিতা, পল্লৱী ভট্টাচাৰ্য, সংগীতা বড়া, উপসনা শইকীয়া, জুনু দাস, ডেইজী গগৈ,
নিৰ্মালি দাস, বিৰ্থিকা শইকীয়া, কমল মহন্ত,প্ৰাণেশ্বৰ গোস্বামী, খগেন তামুলী, শ্বেষৰ জ্যেতি মহন্তৰ উপৰিও কেইবা শতাধিক ৰাইজ৷ অসমৰ গোৱালপাৰা জিলা ডায়েট, লক্ষীমপুৰ জিলা ডায়েট, বৰপেটা জিলা ডায়েট, ডিমা হচং জিলা ডায়েট, কৰিমগঞ্জ জিলা ডায়েট, কোকৰাঝাৰ জিলা ডায়েট, দৰং জিলা ডায়েট, বৰপেটা জিলা ডায়েট, ধেমাজি জিলা ডায়েট, শোণিতপুৰ জিলা ডায়েট, মৰিগাঁও জিলা ডায়েট, কামৰূপ জিলা ডায়েটকে কেইবাটাও দলে অংশগ্ৰহণ কৰে৷ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা বাৰে ৰহনীয়া অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শিক্ষা মুলক প্ৰদৰ্শনী আৰু সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা হৈছে৷ অনুষ্ঠানটি পৰিচালনা কৰে জেষ্ঠ
প্ৰবক্তা শিৰোমনি ভূঞাই। অনুষ্ঠানত জেষ্ঠ প্ৰবক্তা ভূপেন দাস দেৱ ও উপস্থিত থাকে। অনুষ্ঠান মুকলি কৰে দায়েত কামৰূপ ৰ অধ্যক্ষ ডক্তৰ পংকজা বৰুৱাই। তেখেতৰ সাৱলীল ভাষণ ত মুগ্ধ হৈ পৰে উপস্থিত ৰাইজ আৰু দৰ্শক। সকলো খেলুৈসকলৰ সহযোগিতা বিচাৰে অধ্যক্ষ গৰাকীয়ে লগতে ১৫ ডিচেম্বৰলৈ চলিব লগা সকলো অনুষ্ঠানত সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনায়৷