ashomiyapatrika.com

কা বিৰোধিতাৰে চন্দ্ৰপুৰত কলা পতাকা উৰুবাই কলা দিন পালন আছুৰ

0 23

গুৱাহাটীঃ ২০১৯ চনৰ ১১ ডিচেম্বৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী আইন ২০১৯ গৃহীত কৰিছিল। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰৱল প্ৰতিবাদক নেওচি এই কলা আইন গৃহীত কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলক সমূলে ধ্বংসৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল৷ সেই দিনটোক সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূৱ ছাত্ৰ সন্থাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমত কলা দিন ৰূপে ৰূপায়ন কৰি আহিছে। আজি সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূৱ ছাত্ৰ সংগঠনৰ আহ্বানত চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই চন্দ্ৰপুৰৰ ৰাজহুৱা স্থানত কলা পতাকা উৰুবাই কলা দিন উদযাপন কৰি কা বাতিলৰ দাবী উত্থাপন কৰে। কা

বাতিল নোহোৱা পৰ্যন্ত আছুৱে এই প্ৰতিবাদ অব্যাহত ৰাখিব আৰু অসম চুক্তি আধাৰত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ পোষকতা কৰে। আজিৰ কাৰ্যসূচীত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিপজ্যোতি মালাকৰ, উপ সভাপতি ৰমেন ঠাকুৰীয়া, সহকাৰী সাধাৰণ সম্পাদক মৃদুল কুমাৰ দাস, সাংগঠনিক সম্পাদক চানবলী মাহতু, দিপজ্যোতি দাস, চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুল কলিতা, সাধাৰণ সম্পাদক সৌৰভ দাসকে প্ৰমুখ্যে কৰি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.