ashomiyapatrika.com

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস পালন

0 22

গুৱাহাটীঃ ৰাজ্যৰ একমাত্ৰ দূৰ আৰু মুক্ত শিক্ষাৰ বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ আজি অষ্টাদশ প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ খানাপাৰাস্থিত মহানগৰ চৌহদৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এখন আলোচনা সভাত দিল্লীৰ গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য তথা ৰাষ্ট্ৰীয় মূল্যাংকন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক কে কে আগৰৱালে মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত প্ৰসিদ্ধ শিক্ষাবিদজনে ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ সঠিক ৰূপায়ণৰ কাৰণে এটা বহুমুখী পাঠ্যক্ৰম তথা ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এখন উন্নত ৰাষ্ট্ৰৰ

সপোন সাকাৰ কৰিবলৈ হ’লে শিক্ষা ক্ষেত্ৰৰ বিকাশ সাধন সুনিশ্চিত কৰিব লাগিব বুলি মত প্ৰকাশ কৰি অধ্যাপকগৰাকীয়ে বহুমুখী শিক্ষা ব্যৱস্থাৰ ৰূপায়ণৰ ক্ষেত্রতো বিশেষ গুৰুত্ব আৰোপ কৰে৷ ইয়াৰ বাবে সৰ্বাংগীন বিকাশৰ পৰিকাঠামোৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰাথমিক শিক্ষা ব্যৱস্থা সুদৃঢ় কৰিব লাগিব বুলি অধ্যাপক গৰাকীয়ে ভাষণ প্ৰসংগত মন্তব্য কৰে। নিৰ্দিষ্ট বক্তা অধ্যাপক অৰুমুগামে প্ৰতিষ্ঠা দিৱসৰ বিশেষ বক্তৃতা প্ৰদান কৰি কয় যে প্ৰযুক্তিবিদ্যাৰ সঠিক প্ৰয়োগে সকলো ভৌগোলিক, সাংস্কৃতিক তথা সামাজিক প্ৰতিবন্ধকতা মষিমূৰ কৰি শিক্ষা ব্যৱস্থাটোক গণতান্ত্ৰিক কৰি তোলে। মুক্ত শিক্ষা ব্যৱস্থাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ তথা

সীমাবদ্ধতা সম্পৰ্কীয় বক্তব্যত শিক্ষাবিদ গৰাকীয়ে মুক্ত শিক্ষা প্ৰযুক্তিৰ বিকাশ তথা বিৱৰ্তনৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে। বহুবিষয়ক শিক্ষাৰ পোষকতা কৰাৰ লগতে শিক্ষাবিদ গৰাকীয়ে, শৈক্ষিক ব্যৱধান দূৰ কৰিবলৈ প্ৰযুক্তিৰ সহায় লোৱাৰ ক্ষেত্রত চৰকাৰৰো বিশেষ কৰণীয় আছে বুলি মন্তব্য কৰে৷ আদৰণি ভাষণত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসে বিগত ১৭বছৰত বিশ্ববিদ্যালয়খনৰ বিভিন্ন কৃতিত্ব তথা সমাজৰ বঞ্চিত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তথা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে অৱগত কৰে।

Leave A Reply

Your email address will not be published.