ashomiyapatrika.com

যুগ পুৰুষোত্তম শ্ৰী শ্ৰী ঠাকুৰ অনুকুলচন্দ্ৰৰ ১৩৬সংখ্যক শুভ জন্ম মহোৎসৱ সহ শ্ৰীমন্দিৰ প্ৰতিষ্ঠা দিৱস পালন

0 30

বকোঃ যুগ পুৰুষোত্তম শ্ৰী শ্ৰী ঠাকুৰ অনুকুলচন্দ্ৰৰ ১৩৬ সংখ্যক শুভ জন্ম মহোৎসৱ লগতে কামৰূপ জিলাৰ সৎসঙ্গ বিহাৰ বকোৰ শ্ৰীমন্দিৰৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। পৰম পূজ্যপাদ শ্ৰী শ্ৰী আচাৰ্য্যদেৱৰ আৰ্শীবাদত পৰম প্ৰেমময় ঠাকুৰৰ জন্ম মহোৎসৱ আজি দিনযোৰা বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে। বকোৰ সৎসঙ্গ বিহাৰত সৎগুৰু জনাৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সহপ্ৰতিঋত্বিক নৱজিৎ তালুকদাৰ ; যাজক নকুল সাহা ; সম্পাদক একালব্য ৰাভা আৰু সহ সম্পাদক হৰিশদল বৰা ; অঞ্জন দত্তই জনোৱা মতে ; গুৰুজনাৰ আবিৰ্ভাৱ

তিথিৰ কাৰ্য্যসুচী অনুসৰি ব্ৰাহ্মমূহুৰ্তত বেদ মাঙ্গলিকি ; পুৱা ৫ বজাত ঊষা কীৰ্তন ; ইয়াৰ পিছতে প্ৰাত:কালীন বিনতি প্ৰাৰ্থনা ; নামজপ ; ধৰ্মগ্ৰন্থদি পাঠ ; সংগীতাঞ্জলি ; প্ৰভূৰ ভোগ নিবেদন আৰু ধৰ্ম আলোচনা কৰা হয়। দিনৰ ভাগত মাতৃ সন্মিলন আৰু অমিয় গ্ৰন্থদি পাঠ কৰা হয়। সন্ধিয়া আলোকসজ্জা আৰু প্ৰাৰ্থনা কৰা হয়।

Leave A Reply

Your email address will not be published.