চিৰাঙৰ চিদলী শিক্ষাখণ্ডৰ ৪১৩ খন বিদ্যালয়ৰ ৯৪০ গৰাকী শিক্ষকৰ মাজত বুণিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা সন্দৰ্ভত প্ৰশিক্ষণ
কাজলগাঁওঃ ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে বিটিএডিৰ চিৰাং জিলাৰ চিদলী শিক্ষাখণ্ডৰ অন্তৰ্গত ৪১৩ খন বিদ্যালয়ৰ মুঠ ৯৪০ গৰাকী শিক্ষকৰ মাজত বুণিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্য পৰ্যায়ক্ৰমে চলি আছে৷ কাজলগাঁও আৰু বেংতল দুটা জ’নত বিভাজিত এই প্ৰশিক্ষণ কাৰ্যসূচী যোৱা ২০ নৱেম্বৰৰ পৰা আৰম্ভ হৈ অহা ১১ ডিচেম্বৰলৈ চলিব বুলি বিভাগীয় সূত্ৰে জানিব পৰা গৈছে । ইয়াৰে কাজলগাঁও জ’নৰ তিনিটা কেন্দ্ৰত মুঠ ৪৩৭ গৰাকী আৰু বেংতল জ’নৰ দুটা কেন্দ্ৰত মুঠ ৫০৩ গৰাকী শিক্ষকে প্ৰশিক্ষণ গ্ৰহণ কৰে । নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত প্ৰাথমিক শিক্ষাৰ দিশত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপ ‘বুণিয়াদী
সাক্ষৰতা আৰু সাংখ্যিকতা”ৰ ওপৰতৰ কাজলগাঁও জ’নত অসমীয়া মাধ্যমৰ বাবে সুদীপ শৰ্মা, সমীৰ কুমাৰ ব্ৰহ্ম, পিয়াৰ উদ্দিন আহমেদ, সুবোধ বসুমতাৰী, বিৰদাও বসুমতাৰী আৰু কৃষ্ণকান্ত ৰায়ে প্ৰশিক্ষণ প্ৰদান কৰি আছে । আনহাতে, বেংতল জ’নত বড়ো মাধ্যমৰ বাবে ক্ৰমে লক্ষ্মী নাৰায়ণ নাৰ্জাৰী, সৌৰাং বড়ো, জৈমনসিং ব্ৰহ্ম, নন্দেশ্বৰ বসুমতাৰী, ৰবিঅ’ বসুমতাৰী, লুথান গয়াৰী, পুৰ্তুগীজ গয়াৰী আৰু অমিত কুমাৰ বসুমতাৰীয়ে সমল ব্যক্তি হিচাপে শিক্ষকসকলক প্ৰশিক্ষণ দি আছে । উল্লেখ্য যে, চিদলী শিক্ষাখণ্ডৰ বিভিন্ন এফ এল এন প্ৰশিক্ষণ শিবিৰত স্ব-শৰীৰে উপস্হিত থাকি নিজেও বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তি আবু জাফৰ মণ্ডলে৷