ashomiyapatrika.com

জোনালী নাথ হত্যাকাণ্ডৰ প্ৰতিবাদত আজি গোৱালপাৰাত প্ৰতিবাদী সমদলঃ দোষী সাব্যস্ত ব্যক্তিৰ ফাঁচীৰ দাবী

0 59

গোৱালপাৰাঃ গোৱালপাৰা জিলা হিন্দু মাতৃ সুৰক্ষা মঞ্চই আজি দিনৰ এঘাৰ বজাৰ পৰাই গোৱালপাৰা চহৰৰ বিভিন্ন স্থানত প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ত সামৰণী মাৰে। হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ সভানেত্রী গায়ত্ৰী নেয়াৰ আৰু সম্পাদিকা ইন্দিৰা ব্ৰক্ষ্মই জোনালী নাথ হত্যাৰ প্ৰতিবাদত আজি জিলা উপায়ুক্তক দোষী সাব্যস্ত ব্যক্তিক ফাঁচীৰ দাবী কৰি এখন ছয় দফীয়া দাবী সম্বলীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ এই সমদলত জিলাখনৰ পৰা হিন্দু মুছলিম আই মাতৃ সকলে একত্ৰিত হৈ প্ৰায় দুই সহস্ৰাধিকে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে৷ আজিৰ প্ৰতিবাদী সমদলত পুৰুষ মহিলা উভয়ে সমবেত হৈ প্ৰতিবাদ কৰা পৰিলক্ষিত হয় দাবী সমূহ

এনেধৰণৰ জোনালী নাথৰ হত্যাকাণ্ডৰ উচ্চপৰ্যায়ৰ তদন্ত কৰা, হত্যা কাণ্ডৰ লগত জৰিত সকলোৰে ফাঁচি দিয়া, জোনালী নাথৰ পৰিয়ালক এককালিন ক্ষতি পূৰ্ণ দিয়াৰ ব্যৱস্হা কৰা, জোনালী নাথৰ নিকতম আত্মীয়ক চৰকাৰী সংস্হাপন দিয়াৰ ব্যৱস্থা কৰা, এই ঘটনাৰ লগত জেহাদী কাৰ্য্যকলাপৰ সম্পৰ্কৰ দিশ যদি আছে আপোচবিহিন তদন্ত কৰা, চিআইডিৰ আইজিপি দেৱৰাজ উপাধ্যায়ে জোনালী নাথৰ লগতে পৰিয়ালকো সমাজিক ভাৱে যি হত্যা কৰিলে তাৰ বাবে তেখেতক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনায়৷

Leave A Reply

Your email address will not be published.