ashomiyapatrika.com

বকো সাহিত্য সভাৰ উদ্যোগত অসম দিৱস পালনঃ স্বৰ্গদেউ চাওলুং চুকাফাক সোঁৱৰণ

0 43

বকোঃ অসম সাহিত্য সভাৰ নিৰ্দেশত কামৰূপ জিলাৰ বকো সাহিত্য সভাৰ উদ্যোগতো স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ কৰি অসম দিৱস পালন কৰা হয়। সাহিত্য সভাৰ শতদল শাখা হিচাপে সন্মান অৰ্জন কৰা শাখা বকো সাহিত্য সভা ভৱনত আজি পালন কৰা হয় অসম দিৱস। বকো সাহিত্য সভাৰ সাধাৰণ সম্পাদক জনাৰ্দন বড়োই আত ধৰা কাৰ্য্যসুচীত বৰ অসম প্ৰতিস্থাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ বৃহৎ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীকান্ত শৰ্মাই। লগতে পূষ্পাঞ্জলী অৰ্পন কৰে সভানেত্ৰী বিজয়া ডেকাই৷ অনুস্থানত বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেণ চন্দ্ৰ কলিতা, হিচাব পৰীক্ষক নৃপেন ভাগৱতী,

আজীৱন সদস্যা নিজৰা দেৱীকে ধৰি বহু কেইজন বিষয় ববীয়াই পূষ্পাঞ্জলী অৰ্পন কৰি চুকাফাক স্মৰণ কৰে। ইয়াৰ পিছতে আৰম্ভ কৰে বকো সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সভা।সভাত সভানেত্ৰী বিজয়া ডেকাই বকোৰ বিশিষ্ট কবি সুৰেন্দ্ৰ স্বৰ্গীয়াৰীৰ খানাই লেং লেং ঝেৱা আৰু বিৰিঞ্চি কুমাৰ ৰাভাৰ চানাৰাম গাৰোৰ হানাঘোৰা নামৰ কাব্যগ্ৰন্থ দুখন সাহিত্য সভালৈ আগবঢ়োৱা বাবে কবি দুগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। সভাত ড: গণেশ্বৰ চহৰীয়া, উপ সভাপতি গৌৰাংগ ঠাকুৰীয়া আৰু সদস্য ছাৱজ্জাদূৰ ৰহমান সহ বহুতে চাওলুং চুকাফাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। ইফালে অহা ১৭ ডিচেম্বৰত কামৰূপ জিলা সাহিত্য

সভাৰ এখন কাৰ্য্যনিৰ্বাহক সভা বকো সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেয়ে জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সভা খন সু পৰিচালনা কৰাৰ বাবে ল’বলগীয়া বিধি ব্যৱস্থাৰ ওপৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.