ashomiyapatrika.com

বকোৰ শিংৰা হাইস্কুলৰ প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীৰ আনুস্থানিক বিদায় সভা সম্পন্ন

0 47

বকোঃ মানৱ সম্পদ গঢ়া খনিকৰৰ দায়িত্ব সামৰি অৱসৰ গ্ৰহণ কৰে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ শিংৰা হাইস্কুলৰ প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীয়ে। যোৱা কালি অৰ্থাৎ ৩০ নৱেম্বৰ তাৰিখে বিদ্যালয় খনৰ সভা কক্ষত আয়োজন কৰে অৱসৰী বিদায়ী সভা। প্ৰাপ্ত তথ্য অনুসৰি ২০১৫ চনত জিলা ভিত্তিত কৃতি শিক্ষকৰূপে বঁটা লাভ কৰা আৰু অসম আন্ত: হাইস্কুলৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ দুটা কাৰ্য্যকালৰ বাবে সভাপতিৰ দায়িত্বত থাকি সেৱা আগবঢ়োৱা ইন্দ্ৰমোহন চৌধুৰীক আনুষ্ঠানিক বিদায় জনাৱলৈ আয়োজন কৰে বিশেষ সভা খন। শিংৰা হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা বিদায়ী সভাত বিদ্যালয় খনৰ

শিক্ষক শিক্ষয়িত্ৰী গোট, ছাত্ৰ ছাত্ৰীৰ দ’ল আৰু পৰিচালনা সমিতিৰ তৰফৰ পৰা পৃথকে পৃথকে বিদায় সম্ভাষণ জনায়। শিক্ষক গৰাকীক ফুলাম গামোচা, ছাটি, জাপি, শৰাই, ফুলৰ থোপা, ধৰ্মগ্ৰন্থ আৰু মানপত্ৰ প্ৰদান কৰি সন্মান আৰু সম্বোৰ্ধনা জনায়। ইফালে শিংৰা হাইস্কুলত শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ বোৰ্ড হোৱা বাবে বোৰ্ডৰ অন্তৰ্গত হাইস্কুল বোৰেও গামোচা, জাপি, শৰাই, ফুলৰ থোপা আৰু মানপত্ৰৰে সম্বোৰ্ধনা জনায়। ইয়াৰ উপৰিও ভাৰতী ফাউণ্ডেশ্যনৰ পৰাও শিক্ষক গৰাকীক বিপুল সম্ভাষণ জনায়। সম্বোৰ্ধনা ও বিদায় সভাত লুকি বেকেলী সাহিত্য সভাৰ বিষয় ববীয়া সকল, বিশিষ্ট শিক্ষাবিদ ড: গণেশ্বৰ চহৰীয়া, বকো হাইস্কুলৰ প্ৰধান

শিক্ষক ৰাজেশ মহন্ত, বকো ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতা, বন্দাপাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মহেন্দ্ৰ ৰাভা, বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ ৰয়, হাহিম হাইস্কুলৰ প্ৰধান শিক্ষক পূৰ্ণকান্ত কলিতাকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকে। শিক্ষক গৰাকীক বিদায় সম্বোৰ্ধনা সভাত বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে সহযোগ আগবঢ়াই। জানিব পৰা মতে ১৯৯৪ চনৰ পৰা ২০২৩ বৰ্ষলৈ প্ৰায় ৩০ বছৰ কাল শিংৰা হাইস্কুলত বিজ্ঞান শিক্ষক হিচাপে শিক্ষকতা কৰা ইন্দ্ৰমোহন চৌধুৰীয়ে ২০১১ চনৰ পৰা দায়িত্বশীল প্ৰধান শিক্ষক হিচাপে কৰ্তব্য পালন কৰিছিল৷

Leave A Reply

Your email address will not be published.