ashomiyapatrika.com

টেট উত্তীর্ণ শিক্ষক সমাজৰ অভিযোগঃ শিক্ষকৰ আহ্বানক গুৰুত্বহীন কৰিছে শিক্ষামন্ত্রীয়ে

0 29

গুৱাহাটীঃ কালিৰ দিনটোত ৰাজ্যৰ শিক্ষামন্ত্রী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা বক্তব্যই পুনৰ ক্ষোভিত কৰিছে ঠিকাভিত্তিক প্রাথমিক টেট উত্তীর্ণশিক্ষক সকলক৷ শিক্ষক সকলৰ বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীক নস্যাত কৰি পুনৰবাৰ শিক্ষামন্ত্রী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ভেঞ্চাৰ স্কুলৰ শিক্ষক বা বিদ্যালয় প্রাদেশিকৰণ আইনৰ উদ্ধৃতি দি কয়- প্রাদেশিকৰণ কৰাৰ দিনৰ পৰাহে শিক্ষক সকলে সা- সুবিধা লাভ কৰিছে। গতিকে টেট শিক্ষক সকলে বিচাৰিলেও বেকডেটত নিযুক্তি দিব নোৱাৰি। শিক্ষামন্ত্রীৰ ভাষ্যৰ প্ৰত্যুত্তৰত সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ সভাপতি ত্রৈলোক্য ডেকাই

কাকতলৈ প্ৰেৰণ কৰা এক বিবৃত্তি যোগে প্রকাশ কৰে যে শিক্ষকৰ নিয়মীয়াকৰণৰ নামত নিযুক্তি দিয়াৰ কথা কিদৰে আহিল আৰু শিক্ষক সকলক বেকডেটত নিযুক্তি দিয়াৰ কথাটো ভিত্তিহীন কিয়নো চৰকাৰেই সম্পূর্ণ মেধাৰ ভিত্তিত ভাৰত চৰকাৰৰ NCTE বিধি অনুযায়ী শিক্ষক সকলক ২০১২ চনৰ পৰা পর্যায়ক্রমে নিযুক্তি ইতিমধ্যে দি থৈছে। শিক্ষাৰ অধিকাৰ আইন-২০০১ ৰ বিধি অনুসৰি কেন্দ্রীয় ভাবে অনুমোদিত পদত নিযুক্তি প্রাপ্ত শিক্ষক সকলক নিযুক্তিৰ সময়তেই শিক্ষা অধিকাৰ আইনৰ অসম অধিসূচনা ২০১১ ৰ ১৮ নং দফাৰ বিধিমতে নিয়মীয়া ৰূপত নিযুক্তি দিয়াৰ পৰিবর্তে ঠিকাভিত্তিক কৰি ৰখাটো শিক্ষা ব্যৱস্থাটোৰ ত্রুটি যি ত্রুটি শুধৰণি কৰিবলৈ

চৰকাৰৰ ১১ বছৰ সময় লাগিছে! ২০১২ চনত নিযুক্তি প্রাপ্ত শিক্ষক সকলে ২০১৩ চনৰ ১ এপ্ৰিলৰ পৰা আৰু পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰা সকলে যোগদানৰ দিনাৰ পৰাই সংশোধিত দৰমহা বিধি (আব.ও.পি) অনুসৰি নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা লাভ কৰা, বছেৰেকীয়া বৃদ্ধি বা ইনক্রিমেন্ট লাভ কৰা, সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা গাঁথনি লাভ কৰি কর্মৰত হৈ থকা শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত বিনাবেতনে কৰ্মকৰা ভেষ্কাৰ স্কুলৰ শিক্ষকৰ পদ প্রাদেশিকৰণ কি যুক্তিৰে একাকাৰ কৰা হৈছে সেয়া শিক্ষামন্ত্রীয়ে স্পষ্ট কৰা উচিত বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে। সমস্যা এটাৰ গভীৰতালৈ নোযোৱাকৈ শিক্ষক

সকলৰ মনত কষ্ট দিব পৰা লঘু মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় সংগঠনটোৰ কার্যকৰী সভাপতি সন্দীপ দেৱচৌধুৰীয়ে। ২০২০ চনৰ কেবিনেট সিদ্ধান্ত যোগে এই শিক্ষক সকলৰ চাকৰি ৬০ বছৰ বয়সলৈকে বৃদ্ধ কৰাৰ লগতে সকলো নিয়মীয়া শিক্ষকৰ সমান সা-সুবিধা প্রদান কৰা হৈছিল৷ কেৱল পেঞ্চনৰ সুবিধা দিয়া হোৱা নাছিল। এতিয়া নিয়মীয়াকৰণ কৰি কেৱল পেঞ্চনৰ সুবিধাটো প্ৰদান কৰাৰ নামত দৰমহা, জ্যেষ্ঠতা হ্রাস কৰাৰ বিধান ভাৰতৰ কোনখন আইন মতে যুক্তিসংগত সেয়া ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৰ সাধাৰণ সম্পাদকদ্বয় কুলজিৎ ঠাকুৰীয়া আৰু পার্থ প্রতিম গগৈয়ে। সংশোধিত হাৰত দৰমহা লাভ

কৰি থকা শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত বিত্ত বিভাগৰ কোনটো বিধিয়ে বাধাৰ সৃষ্টি কৰিছে সেয়া ৰাজহুৱা কৰিব লাগে। তাৰোপৰি প্ৰাক্ নির্বাচনী প্রতিশ্রুতি মতে জনতাই জনাদেশ দিয়া শাসনাধিষ্ঠ চৰকাৰখনৰ শিক্ষা বিভাগৰ মুৰবৰী গৰাকীয়ে কোনো বিধিয়ে যদি শিক্ষক সকলক ন্যায় প্ৰদান কৰাৰ ব্যর্থ হয় তেন্তে সেই বিধি সংশোধন কৰি হ’লেও শিক্ষক সকলক ন্যায় প্ৰদানৰ আহ্বান জনাইছে সম্পাদকদ্বয়ে। ইতিপূর্বে বিভিন্ন শিক্ষক কর্মচাৰীৰ চাকৰি যদি বেতন সুরক্ষাসহ নিয়মীয়া হ’ব পাৰে তেনে কেরল ঠিকাভিত্তিক প্রাথমিক টেট উত্তীর্ণ শিক্ষক সকলক নিয়মীয়াকৰণ কৰিবলৈ যাওতে জ্যেষ্ঠতা, দৰমহা হ্রাস কৰি নতুন নিযুক্তি দিবলৈ চেষ্টা কৰাৰ অন্তৰালত কি

যুক্তি আছে সেয়া অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে শীঘ্রে প্রকাশ কৰিব লাগে বুলি আহ্বান জনাইছে শিক্ষক সমাজৰ কেন্দ্রীয় নেতৃত্বহী ঠিকাভিত্তিক টেট উত্তীর্ণ শিক্ষকৰ চাকৰি বেতনসুৰক্ষাসহ নিয়মীয়াকৰণৰ বিষয়টো অধিক জটিলতাৰ মাজলৈ নিয়াৰ পৰিবর্তে শিক্ষাৰ অধিকাৰ আইন-২০০৯, শিক্ষা অধিকাৰ আইনৰ অসম অধিসূচনা-২০১১, NCTE ৰ বিধি, সংশোধিত দৰমহা বিধি ইত্যাদি সকলো আইনগত দিশৰ পৰা প্ৰাপ্য বেতন সুরক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰি অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ ৰাজ্যখনৰ অভিভাৱক স্বৰূপ মুখ্যমন্ত্রী গৰাকীলৈ আহ্বান জনায় সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে।

Leave A Reply

Your email address will not be published.