ashomiyapatrika.com

জোনালী নাথৰ বাসগৃহত প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰতিনিধি দলঃ দোষীক উপযুক্ত শাস্তিৰ দাবীত মাটিয়া আৰক্ষী থানাত স্মাৰক পত্ৰ প্ৰদান

0 44

টিপলাইঃ অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কেউটা ভাতৃ আৰু ভগ্নী সংগঠনৰ লগতে গোৱালপাৰা জিলা যোগী সন্মিলনী আৰু জিলাখনৰ আটাইকেইখন আঞ্চলিকৰ এটা সজাতি দলে আজি অলপতে দুটা নৰপিশাচে নৃশংস ভাৱে হত্যা কৰা জোনালী নাথৰ ঘৰলৈ গৈ শোকসন্তপ্ত পৰিয়ালটিৰ খবৰ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ দূৰ্দশাগ্ৰস্ত পৰিয়ালটিক মৃতকৰ শ্ৰাদ্ধাদি কাৰ্যত সকাহ দিব পৰাকে সন্মিলনীৰ ফালৰ পৰা পোন্ধৰ হাজাৰ টকাৰ সামান্য আৰ্থিক সাহাৰ্য‌ও প্ৰদান কৰা হয়। ইয়াৰ পিছতে গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষককে ধৰি উচ্চ পদস্থ আৰক্ষী বিষয়া সকল বিশেষ অভিযানত কাৰ্যালয়ৰ বাহিৰত থকাৰ কাৰণে সজাতি দলটো মাটিয়া আৰক্ষী

চকীলৈ গৈ জোনালী নাথৰ হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ পৰা বুজ ল‌য়৷ সজাতি দলটোৱে সদৌ অসম নাথযোগী যুৱ পৰিষদে যুগুতাই নিয়া এখনি স্মাৰক পত্ৰ মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ যোগেদি জিলা আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনিত ইতিমধ্যে কৰায়ত্ব কৰা জোনালী নাথৰ হত্যাকাৰী দুটাক কোনো ৰাজনৈতিক বা আনকোনো হস্তক্ষেপৰ প্ৰভাৱত সিহঁতে পাব লগা শাস্তিৰ পৰা যাতে সাৰি যাব নোৱাৰে তাৰ বাবে এখন পানী নসৰকা চাৰ্জচিত আদালতত দাখিল কৰিবলৈ গোৱালপাৰা আৰক্ষীক দাবী জনাই। ইয়াৰোপৰি হত্যাকাণ্ডটোৰ লগত আৰু যদি কোনোবা জড়িত আছে

অনতি পলমে সিহঁতকো কৰায়ত্ব কৰি ফাষ্টট্ৰেক আদালতত বিচাৰৰ যোগেদি ফাঁচী কাঠত ওলমাবলৈ সন্মিলনীৰ প্ৰতিনিধি সকলে আৰক্ষীৰ ওচৰত দাবী জনায়৷ প্ৰতিকুল বতৰকো নেওচি অসমৰ বিভিন্ন জিলাৰ পৰা আহি গোৱালপাৰাত উপস্থিত হোৱা পুৰুষ, মহিলা, যুৱ, জ্যেষ্ঠ সমন্তিতে সন্মিলনীৰ জ্যেষ্ঠ কনিষ্ঠ সকলো প্ৰতিনিধিকে সন্মিলনীৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে।

Leave A Reply

Your email address will not be published.