ashomiyapatrika.com

দদৰাত অসম সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ সাংগঠনিক সভা

0 39

মহাবীৰ লাচিত বৰফুকনৰ জন্মদিন স্মৰণঃ গ্ৰন্থ উন্মোচনী অনুষ্ঠান

বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’- শীৰ্ষক বাণীৰে বৌদ্ধিক সমাজ গঢ়া তথা অসম মাতৃৰ ভাষা জননীৰ সেৱা কৰা অসম সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ সাংগঠনিক সভা খন আজি আনুষ্ঠানিক ভাৱে সম্পন্ন হয়। কামৰূপ জিলা সাহিত্য সভাৰ অন্যতম দদৰা (স্বৰ্ণ) শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰয়াত জননেতা ভৃগু কুমাৰ ফুকনৰ দদৰাস্থিত প্ৰেক্ষাগৃহত আজি এক মনোজ্ঞ অনুস্থানৰ জৰিয়তে আয়োজন কৰা হয় জিলা সাহিত্য সভাৰ সাংগঠনিক সভা। উল্লেখ্য যে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন্দ্ৰ নাথ তালুকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাৰ আত ধৰে সম্পাদক ৰজনী শালৈয়ে। জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন

স্থানৰ শাখা সাহিত্য সভাৰ সভাপতি/সম্পাদক আৰু প্ৰতিনিধিৰ উপস্থিতিত আয়োজন কৰা সভাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা। ইফালে কামৰূপ জিলা সাহিত্য সভাৰ সাংগঠনিক সভাৰ লগত সংগতি ৰাখি আয়োজন কৰে অসমবীৰ লাচিত বৰফুকনৰ ওপজা দিন। বীৰ জনাৰ বৃহৎ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি ওপজা দিন পালন কৰে প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই। সভাত জিলা সাহিত্য সভাৰ জৰিয়তে প্ৰকাশ কৰা কাব্য গ্ৰন্থ ‘প্ৰাঞ্জল’ উন্মোচন কৰে উপ সভাপতি ৰাম দত্ত লহকৰে। কাব্য গ্ৰন্থ খন প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক প্ৰসন্ন কুমাৰ তালুকদাৰে। উল্লেখ্য যে সাহিত্য সভাৰ

কাৰ্য্যনিৰ্বাহক গীৰিন্দ্ৰ নাথ ডেকা, প্ৰভাত বনিয়া, ৰমেন ভড়ালী, অসম সাহিত্য সভাৰ উপ সমিতি মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কুমাৰ কলিতা, জ্যেষ্ঠ সাংবাদিক তথা কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধি, প্ৰাক্তন সম্পাদক ৰাজেন মহন্ত, শিশুৰাম ডেকাকে ধৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক সকলে সভা শুৱনি কৰে। লগতে অসম সাহিত্য সভাৰ ভিন্ন বিভাগৰ আহ্বায়ক মণ্ডলী, সাহিত্য সভাৰ যুৱ সাংসদ সুশীল ডেকা সহ আৰু বহু সংখ্যক সাহিত্য সভাৰ শুভাকাংশীয়ে সহযোগ আগবঢ়াই। জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক হিচাপে সহকাৰী সম্পাদক প্ৰকাশ ডেকা, তৰণীচৰণ কলিতাকে ধৰি বহু

সংখ্যক সাংবাদিক উপস্থিত থাকি সেৱা আগবঢ়ায়। সভাত বকো শতদল শাখা সাহিত্য সভাৰ সভাপতি বিজয়া ডেকা, উপদেষ্টা ড° গণেশ্বৰ চহৰীয়া আৰু সহকাৰী সম্পাদক বিষ্ণু ৰাম দাসে অংশগ্ৰহণ কৰে। অনুস্থানৰ শুভাৰম্ভণিতে চিৰ চেনেহী মোৰ ভাষা জননী সমবেত সংগীত আৰু লোক নৃত্য লগতে কবিতা আবৃত্তি পৰিবেশন কৰা হয়। ইফালে সাহিত্য সভাৰ আগন্তুক দিনত কৰিব লগা কাৰ্য্যসুচীৰ বিষয়ে অৱগত কৰে আৰু অনাগত দিনত সাহিত্য সভাক ৰাইজৰ মাজলৈ নিয়াৰ পদক্ষেপ গ্ৰহণ কৰে। ইফালে দদৰা আঞ্চলিক (স্বৰ্ণ) শাখা সাহিত্য সভাৰ সভাপতি কমলাকান্ত দাস আৰু সম্পাদক দ্বীপকান্ত পাঠকৰ তৎপৰতাত আয়োজন কৰা সাংগঠনিক সভাত শাখা সমিতি সমুহৰ পৰা গঠন মুলক সু দিহা পৰামৰ্শ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.