লাচিত বৰফুকন অসমৰ খিলঞ্জীয়াৰ বীৰহে আছিলঃ মতিউৰ ৰহমান
মহাসংঘৰ উদ্যোগত শৰাইঘাটৰ মহাৰণৰ ৩৫২ সংখ্যক বাৰ্ষিকী পালনঃ বৰফুকনক হিন্দু তথা ভাৰতীয় বীৰ সজাব খোজা কাৰ্য ইতিহাস বিকৃত কৰা গুৰুতৰ অপৰাধ – মহাসংঘ
গুৱাহাটীঃ পানেৰীৰ জৱাহৰলাল মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গণত আজি অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘৰ উদ্যোগত শৰাইঘাটৰ মহাৰণৰ ৩৫২ বছৰ পূৰ্ণ হোৱা উপলক্ষে মহাৰাজা পৃথু সোঁৱৰণী মঞ্চত ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা নীলধৰ ডেকাৰ সভাপতিত্বত সোঁৱৰণী সভা অনুষ্ঠিত হয়৷ আদৰণি জনায় আয়োজক সমিতিৰ সাধাৰণ সম্পাদক ওৱাবেদ আলীয়ে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাসংঘৰ মহা সচিব পূৰ্ণানন্দ ৰাভাই৷ মুখ্য বক্তা মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে – মহাবীৰ লাচিত বৰফুকনে সহযোদ্ধা বাঘ হাজৰিকাৰ সহযোগত ৰাজা ৰামসিংহ নেতৃত্বাধীন বিশাল ভাৰতীয় সেনা বাহিনীক
পৰাস্ত কৰি খেদি পঠিয়াইছিল৷ অসমৰ সেনা বাহিনীটো বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ সেনাৰে গঠিত আছিল৷ একেদৰে ৰামসিংহৰ সেনা বাহিনীও ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ লোকেৰে গঠিত আছিল। সেয়ে এই যুদ্ধ আহোম-মোগল সংঘাত নহয়। শৰাইঘাটৰ যুদ্ধ ভাৰতৰ অসম আক্ৰমণ আছিল৷ লাচিত বৰফুকন হিন্দু বীৰ নহয় তথা ভাৰতীয় বীৰো নহয় তেওঁ অসমৰ বীৰহে আছিল৷ ড° সূৰ্য কুমাৰ ভূঞাই “লাচিত বৰফুকন এণ্ড হিজ টাইমছ”ত বাঘ হাজৰিকাৰ কথা উল্লেখ কৰি গৈছে৷ জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাইও নিজকে বাঘ হাজৰিকাৰ বংশধৰ বুলি লিখি থৈ গৈছে। ইয়াৰ পিছটো এটা অসম বিৰোধী চক্ৰান্তকাৰী মহলে বাঘ হাজৰিকা
কাল্পনিক বুলি মিছা প্ৰচাৰ চলাই আছে৷ লাচিত বৰফুকনে মোমায়েকক নহয় গড়নিৰ্মাণকাৰী বিষয়া ‘মৌমাই’কহে কৰ্তব্যৰ অৱহেলা কৰা বাবে শিৰচ্ছেদ কৰিছিল বুলি মতিউৰ ৰহমানে দৃঢ়তাৰে কয়৷ সভাত পানেৰী আঞ্চলিক বাথৌ মহাসভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰমাকান্ত দৈমাৰী, পানেৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি হাজী মজফ্ফৰ হুছেইন, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তাৰানাথ কলিতা, গৰীয়া-মৰীয়া-দেশী জনগোষ্ঠীয় পৰিষদৰ সাধাৰণ সম্পাদক ফজলুল কৰিম হাজৰিকা, পানেৰী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি কন্ঠিৰাম ডেকা, নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ বৰ্মন
আদিয়ে বিশিষ্ট অতিথি হিচাপে সভাত দিয়া ভাষণত মহাসংঘই শৰাইঘাটৰ যুদ্ধৰ সোঁৱৰণী সভা অনুষ্ঠিত কৰি এটা উল্লেখযোগ্য কাম কৰিছে বুলি কয়৷ শৰাইঘাটৰ মহাৰণৰ প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰফুকন, সহ সেনাপতি বাঘ হাজৰিকা প্ৰমুখ্যে মহাৰণত প্ৰাণ আহুতি দিয়া বীৰ সেনানীসকললৈ আন্তৰিক অভিবাদন জনোৱা কাৰ্যসূচী এটি প্ৰতিকী টোপধ্বনীৰে মুকলি কৰে ৯৫ বছৰীয়া পানেৰী আঞ্চলিক সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ৰমণীকান্ত চহৰীয়াই৷ অসম দেশ আক্ৰমণকাৰী পক্ষ আৰু প্ৰতিহতকাৰী পক্ষৰ প্ৰতিচ্ছবি উন্মোচন কৰে নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি
জিলা সমিতিৰ উপদেষ্টা বিনোদ ৰাভাই৷ পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰে মতিউৰ ৰহমানে। সভাত বড়ো, ৰাভা, কোচ, গৰীয়া আদি অসমীয়া ভাষী বিভিন্ন সম্প্ৰদায়ৰ লোকে যোগদান কৰিছিল৷